সেউজীয়া সপোন (ধীৰাজ ডেকা)

হৃদয়খন বিচাৰি গৈছিলো

অযতনে ৰখা হৃদয়খনত
ধূলিৰ চামনি পৰিছিল

ফু মাৰি জুমি চাওঁতে
শুকাই কৰাল মৰা
তেজৰ চেঁকুৰাও চকুত পৰিল

হয়তো জ্ঞাতে- অজ্ঞাতে
এচপৰা ৰুক্ষ শিলে ইয়াক
নিষ্ঠুৰ ভাৱে খুন্দা মাৰি
তেজ বিৰিঙালে

এতিয়া মই অপেক্ষাৰত
এজাক বৃষ্টিৰ

লৈ যাওক ধোৱাই
ধূলিৰ চামনি
আৰু ক'লা তেজৰ চেঁকুৰা

হৈ পৰক হৃদয়খন
পুনৰ সেউজীয়া
সূৰ্য্যৰ কিৰণত জিলিকি উঠা ৷

ঠিকনাঃ নতুন দিল্লী