মানুহে কয়
জীয়া শিল খুউব কঠিন
সহজতে নহয় ক্ষত বিক্ষত
বচন আছে 'ঘহিলে শিলো ক্ষয় যায়'
সেয়ে
এদিন চুই চালো মসৃণ আঙুলিৰ সিৰা গচকি
জাগি উঠিল শিল
মূৰ্তমান কঠিন বহিঃ প্ৰকাশ ৷
একো নকলো
প্ৰত্যক্ষ কৰিলো শিলুৱা বকুৰ মাটি
গঢ়িলো
বকুৰ উমেৰে গঢ়া কোমল হাতুৰী
টোকৰ দিলো
সলনি হ'ল ৰূঢ় দৃষ্টি আৰু অন্তঃ হৃদয়
কোমল হ'ল কঠিন আৱৰণ ৷
অনুধাৱন কৰিলো,
বুজি পালো
শিলৰো আছে এখন প্ৰকৃত হৃদয়
যি হৃদয় দৃষ্টিগোচৰ নহয়
মাথো প্ৰত্যক্ষ কৰো বাহ্যিক নিৰ্দয় ৷
জীয়া শিল খুউব কঠিন
সহজতে নহয় ক্ষত বিক্ষত
বচন আছে 'ঘহিলে শিলো ক্ষয় যায়'
সেয়ে
এদিন চুই চালো মসৃণ আঙুলিৰ সিৰা গচকি
জাগি উঠিল শিল
মূৰ্তমান কঠিন বহিঃ প্ৰকাশ ৷
একো নকলো
প্ৰত্যক্ষ কৰিলো শিলুৱা বকুৰ মাটি
গঢ়িলো
বকুৰ উমেৰে গঢ়া কোমল হাতুৰী
টোকৰ দিলো
সলনি হ'ল ৰূঢ় দৃষ্টি আৰু অন্তঃ হৃদয়
কোমল হ'ল কঠিন আৱৰণ ৷
অনুধাৱন কৰিলো,
বুজি পালো
শিলৰো আছে এখন প্ৰকৃত হৃদয়
যি হৃদয় দৃষ্টিগোচৰ নহয়
মাথো প্ৰত্যক্ষ কৰো বাহ্যিক নিৰ্দয় ৷








