শব্দৰ জখলাত (নিখিল বৰ্মন)

বহুদিন হ'ল কলম হাতত তুলি লোৱাৰ,
তোমালৈ এখন চিঠি লিখো বুলি ৷
জানো কি হৈছে মোৰ,
চিঠিখন যে মই সম্পূৰ্ণ কৰিবই পৰা নাই ৷
শব্দবোৰেও যে লুকা- ভাকু খেলিবলৈ লৈছে
আহে আৰু হেৰাই যায় নিমিষতে ৷
লিখি আছো মই চিঠিখন,
লিখি লিখি ভাগৰি পৰিছো,
লিখিব যে পৰা নাই তথাপিও,
কেইটামান শব্দ
চিঠিখন লিখো বুলি আকৌ
হাতত তুলি লৈছো কলম
লিখাৰ সলনি কান্দিছো মই
চকুপানীয়ে ধুই নিছে
মোৰ স্বপ্নৰ শব্দবোৰ
আৰু এনেদৰেই প্ৰতিদিনেই অসম্পূৰ্ণ
হৈ ৰৈ গৈছে মোৰ চিঠিখন ।
এতিয়া আৰু মই নাকান্দো
সম্পূৰ্ণ কৰিমেই চিঠিখন
গোটাম এটি দুটিকৈ
হৃদয়ৰ নিভৃত কোণৰ পৰা
ৰাখিম সেই শব্দবোৰ ......

দূৰভাষঃ ৮৬৩৮৫৩২২৪১