সাহস আছে মোৰ বুকুতে
সাহস আছে মোৰ দুৱাহুতে।
কৰি যাম ৰণ
ৰাখিম সোণৰ অসম
দেশৰ জীৱন ধন ।
উঠ- উঠ পোনাকণ বেলি দুপৰ হ'ল
আৰু যে শুৱৰ সময় নাই ৷
দা- যাঠি লৈ বেগতে যা ওলাই
পাৰিবি পাৰিবি হতাশা নহ'বি
যা আগুৱাই যা ।
বিদেশী আহিছে শ্বদেশলৈ বুলি নিদিবা যাব তই
দেশৰ হকে জীৱন দিবি নকৰিবি সংশয় ।
নাই আজি লাচিত নাই মূলা গাভৰু
থাপি আছে সাহস মাথো।
লাচিতৰ দেশৰ ডেকা তই যুঁজলৈ কিহৰ ভয়
যা আগুৱাই যা পোনাকণ যা আগুৱাই যা ৷
লাচিতৰ দেশৰ ডেকা তই
নকৰিবি সংশয় ৷
সাহস আছে মোৰ দুৱাহুতে।
কৰি যাম ৰণ
ৰাখিম সোণৰ অসম
দেশৰ জীৱন ধন ।
উঠ- উঠ পোনাকণ বেলি দুপৰ হ'ল
আৰু যে শুৱৰ সময় নাই ৷
দা- যাঠি লৈ বেগতে যা ওলাই
পাৰিবি পাৰিবি হতাশা নহ'বি
যা আগুৱাই যা ।
বিদেশী আহিছে শ্বদেশলৈ বুলি নিদিবা যাব তই
দেশৰ হকে জীৱন দিবি নকৰিবি সংশয় ।
নাই আজি লাচিত নাই মূলা গাভৰু
থাপি আছে সাহস মাথো।
লাচিতৰ দেশৰ ডেকা তই যুঁজলৈ কিহৰ ভয়
যা আগুৱাই যা পোনাকণ যা আগুৱাই যা ৷
লাচিতৰ দেশৰ ডেকা তই
নকৰিবি সংশয় ৷








