পথটো বান্ধি দিয়া !
উজুটি খাই
মোৰ ভৰিৰ বুঢ়া আঙুলিৰ
নখ এৰাই-
তেজ নিগৰিছে ।
মোৰ তেজৰ দাম আছে
মিছাতে তেজবোৰ
প্ৰৱাহিত হ'ব দিব নোৱাৰো;
তেজৰ বাবে ছটফটাই থকা
মৃত্যুৰ স'তে টনা আঁজোৰা কৰা
সেই জনক দিম মোৰ তেজ ।
পথটো বান্ধি দিয়া;
কি বুজিবা আমি বিলাকৰ
মনৰ বেদনা !
বাট কুৰি বাই বাই কৰা
আমাৰ সংগ্ৰামী
জীৱন গাঁথাৰ কথা ।
অনুভৱ কৰিব পাৰিবা জানো ?
দামী গাড়ী উচ্চ অট্টালিকাৰ পৰা
নামি আহিব লাগিব
আমাৰ স'তে মাথো
এদিন থাকি যোৱা,
অনুভৱ কৰিব পাৰিবা
আমাৰ উচুপনি বোৰ,
পথটো বান্ধি দি যোৱা ৷
উজুটি খাই
মোৰ ভৰিৰ বুঢ়া আঙুলিৰ
নখ এৰাই-
তেজ নিগৰিছে ।
মোৰ তেজৰ দাম আছে
মিছাতে তেজবোৰ
প্ৰৱাহিত হ'ব দিব নোৱাৰো;
তেজৰ বাবে ছটফটাই থকা
মৃত্যুৰ স'তে টনা আঁজোৰা কৰা
সেই জনক দিম মোৰ তেজ ।
পথটো বান্ধি দিয়া;
কি বুজিবা আমি বিলাকৰ
মনৰ বেদনা !
বাট কুৰি বাই বাই কৰা
আমাৰ সংগ্ৰামী
জীৱন গাঁথাৰ কথা ।
অনুভৱ কৰিব পাৰিবা জানো ?
দামী গাড়ী উচ্চ অট্টালিকাৰ পৰা
নামি আহিব লাগিব
আমাৰ স'তে মাথো
এদিন থাকি যোৱা,
অনুভৱ কৰিব পাৰিবা
আমাৰ উচুপনি বোৰ,
পথটো বান্ধি দি যোৱা ৷








