আপুনি কলেজ অৱ ইডুকেচন নগাৱঁত পঢ়িছিল নেকি ? নাই পঢ়া । তথাপিও আপুনি কলেজ অৱ ইডুকেচন নগাৱঁৰ নামটো নিশ্চয় শুনিছে । এই কলেজ মোৰ চিনাকি । খুব খুব মৰম লগাকৈ চিনাকি । "কলেজ অৱ ইডুকেচন নগাওঁ এই মিঠা চিনাকি নামটোৱে মোৰ হিদয়ত এক কৰুণ নষ্টালজিয়াবোধৰ আনে ! হাজাৰ জনৰ হাজাৰ মৰমৰ, প্ৰাণ চঞ্চল, হাজাৰ নিবনুৱাৰ মুক্তিৰ হাজাৰ হাঁহিৰ তৰংগ এই কলেজ অৱ ইডুকেচন নগাঁও । বহুতে এৰি গ'ল মৰম, বহুতে এৰি গ'ল বেদনা লৈ গল সুখ, বহুতেই দেখিলে জীৱনৰ ৰঙীন ছবি, বহুতেই দেখি আছে আজিও ৰঙীন স্বপ্ন । এই কথাবোৰৰ সাক্ষী আন কোনো নহ'লেও কলেজৰ দেৱালৰ প্ৰতি চপৰা ইটাই হৈ থাকিব অনন্ত কাললৈ সাক্ষী ।
২০১৫ ৰ জুলাই মাহৰ কথা । মোৰ বি. এ পৰীক্ষা শেষ হৈ যোৱাৰ পিছ দিনাৰ পৰাই মনত এক অস্থিৰতাই আশ্ৰয় লয়, মই আৰু কি পঢ়িম, ক'ত পঢ়িম আৰু পঢ়িবলৈ পাৰিমনে নাই ইত্যাদি ইটো সিটো কথা মনৰ মাজত এক বিৰক্তি দি আছিল । এনেকৈ ভাবি ভাবি এদিন কোনেও নজনাকৈ বি. এড পঢ়িম বুলি অন লাইনত ফ্ৰম এখন পূৰণ কৰিলোঁ । য'ত মই প্ৰথম পচন্দৰ কলেজ হিচাপে কলেজ অৱ ইডুকেচন নগাঁও ক চিলেকশ্বন কৰিছিলো । কিন্তু ইটো কথা একেবাৰে সঁচা মই এটা কলেজ অৱ ইডুকেচন নগাঁৱক কোনো দিন দেখা নাছিলোঁ মোৰ বাবেও এইখন আছিল এখন অচিনাকী নাম । অৱশ্যে বি. এ অধ্যয়নৰ অৱস্থাত অনেকৰ মুখত শুনিছিলো আজিৰ দিনত কৰুণ নষ্টালজিয়াবোধৰ সম্বন্ধ আনি দিয়া এই মিঠা চিনাকি নাম । নিৰ্দিষ্ট সময়ত ময়ো আন হাজাৰ জনৰ দৰে এই কলেজৰ সন্ধানত উঠি পৰি লাগিলো । কোনো দিন নেদেখা, অচিনাকি এই কলেজ খনক বিচাৰি বিচাৰি হঠাৎ পালো এদিন সন্ধান । সেইদিনটোৰ বাৰ তাৰিখ মোৰ সঠিক মনত নাই যদিও এটা কথা মনত আছে ঠিক দুপৰীয়া ৰিক্সাচালকে মোক আনি নমাই দিয়ে সেউজীয়া দূবৰি বন, গছ- গছনিৰে ভৰ- পূৰ এই সেউজীয়া কলেজ খনৰ কেণ্টিনৰ ফালে থকা গেইট খনৰ আগত । এক মিনিট মানো দেৰি নকৰাকৈ এই গেইটখনেৰেই প্ৰথম মই প্ৰৱেশ কৰিলোঁ । কলেজ খনত সোমাই লগে- লগে মোৰ চকুত ধৰা পৰিল দ্বিতীয় শ্ৰেণীৰ আমাৰ পৰিৱেশ নামৰ কিতাপখনত পঢ়া ঔষধি উদ্ভিদৰ বাবে পৃথিৱী বিখ্যাত নীম গছ জোপা । যাৰ পৰা নিসৰিত হৈ আছিল বিশুদ্ধ অক্সিজেন । এই শিৰ্ শিৰ্ কৈ বৈ অহা মলয়া বতাহে ঠিক দুপৰীয়া প্ৰখৰ ৰ'দ আৰু গৰমৰ পৰা গৈ দুই চাৰি মিনিট মান নীম গছ জোপাৰ তলত ৰৈ মোৰ এক স্বঃ স্থিৰ নিস্বাস আহিল । দুই চাৰি মিনিটৰ বেছি অপেক্ষা নকৰি লৰালৰিকৈ আঙবাঢ়ি গ'লো Principal বাইদেউ শ্ৰদ্ধাৰ ড• মানশিখা বৰুৱাৰ কোঠাটোৰ পিনে ।
ঠিকনাঃ কলেজ অৱ ইডোকেচন নগাওঁ
দূৰভাষঃ ৮৪৮৬৩৩৯২০৬








