নীলা খামৰ চিঠি (গায়ত্ৰী শইকীয়া)

মৰমৰ,
হৃদয়ত খলকনি তুলি থকা শব্দবোৰক লৈ, ভাবিলো লিখো এখন চিঠি তোমালৈ ৷ দেহৰ শিৰাই শিৰাই এসোঁতা তপত তেজ বাগৰে, যেতিয়াই আৰম্ভ কৰো মৰমৰ বুলি সঁচাকে ৷

জানা,
নীলিম আকাশত সিদিনা এচমকা ডাৱৰে লুকাভাকু খেলিছিল, অজানিতে হৃদয়ৰ গভীৰ কোণত
এছাটি মলয়া বতাহ বলিছিল ৷ জীয়া জীয়া সপোনবোৰ যেন প্ৰাণ পাই উঠিছিল, যেতিয়া তোমাৰ প্ৰতিচ্ছবি মনৰ দাপোণত ভাহিছিল ৷

পুৱাৰ কাঁচিয়লি ৰ'দ চেৰেঙা আজিকালি দেখোন ভাল লাগে, চৌদিশ বিয়পি পৰা পখীৰ কাকলিত
পৰিৱেশটো আপোন হৈ পৰে ৷ হাৰ কঁপোৱা বতাহ ছাটিয়ে যেন তোমাৰে বতৰা দিয়ে ৷

শুনাচোন,
বুকুৰ ধপধপনিবোৰ ঘন হৈ পৰিছে, নতুন নতুন অভিমান কিছুমানে হৃদয়ত থিতাপি লৈছে ৷
তোমাক দেখাৰ বেলিকা যেন জীৱনেও নতুনকৈ হাঁহিব ধৰিছে ৷
এদিন আহিবা, দূৰ দিগন্তলৈ লৈ যাম তোমাক ৷ প্ৰতিদিনে নতুনকৈ ভালপোৱাৰ প্ৰতিশ্ৰুতিৰে...........
তোমাৰ
জোনাক

ঠিকনাঃ গোলাঘাট, কমাৰগাওঁ