অভিশাপৰ উৎসৱ (লক্ষ্যজিৎ শইকীয়া)

পূজা আহিছে । সকলোৰে আনন্দ- উৎসাহ বাঢ়িবলৈ ধৰিছে । বৰুৱাৰ ল'ৰা ছোৱালী দুটিও তাৰ ব্যতিক্রম নহয় । দামী- দামী পুতলা, গাড়ী, বেলুন আদিৰ এক দীঘলীয়া বাজেট । সিহঁতৰ দাবী দেখি মহেশৰ ল'ৰা দুটাৰো হেঁপাহ জাগিল আৰু বাপেকক দাবী কৰিলে । পিছে দিন হাজিৰা কৰা মহেশেনো কেনেকৈ বৰুৱা উকীলৰ নিচিনাকৈ আবদাৰ পূৰণ কৰিব পাৰে ? এইকেইদিন বেচেৰাই কামো পোৱা নাই । তাৰ দেহৰ অৱস্থ দেখিয়েই মানুহে তাক কামত নলগায় । এফালে হাতত জমা টকাও নাই । আনফালে মাক নোহোৱা ল'ৰা দুটাকো নিৰাশ কৰিব নোৱাৰে । তাৰ কাৰণে পূজা যেন উৎসৱ নহয়, বৰং এক প্রকাৰৰ অভিশাপহে । উপায় নাপাই সি বাৰীত থকা ঢেঁকীয়া কেইডালকে বজাৰলৈ বুলি লৈ গ'ল কিজানিবা কেইটকামান পায়েই । কিন্তু এই পূজাৰ বতৰতনো ঢেঁকীয়া খাব কোনে ? ৰাতি দহ বাজিল । এমুঠিও ঢেঁকীয়া বিক্রী নহ'ল । অত্যধিক দুখ আৰু খঙত সি পাগলৰ দৰে হ'ল আৰু চিঞৰি উঠিল- "এই পূজা টো কিয় আহে বাৰু ?

ঠিকনাঃ স্নাতক পঞ্চম ষাণ্মাসিক, নর্থ লখিমপুৰ কলেজ ।