"বোপা, কোন তুমি ?"- কঁপি উঠিল ৰচকী বাইৰ মাতষাৰ ৷ উত্তৰ দিবলৈ লৈ পাৰ্থ থমকি ৰ'ল ৷ কি বুলি ক'ব সি ! কেনেকৈ ক'ব ! আৱেগিক হৈ নপৰিবনে ৰচকী বাই ! কেনে অনুভৱ হ'ব তেওঁৰ ! অলেখ ভাবে আমনি কৰিলে পাৰ্থক ৷ সেই নিস্তব্ধ মুহূৰ্তটিত মনত কিছু কৌতুহল লৈ বহি থাকিল মিলন খুৰা নীৰৱে ৷ আজি ৩ দিন ধৰি পাৰ্থ তেওঁৰ লগত আছে ৷ অথচ তেওঁৰ আগত সি মুকলি কৰি দিয়া নাই নিজক ৷ অথবা মিলন খুৰায়ো প্ৰশ্নবোৰ নকৰাকৈ সামৰি ৰাখিছে ৷ কাৰণ পাৰ্থ হাজৰিকা এক অনন্য ব্যক্তিত্বৰ গৰাকী, পৃথক সন্মানৰ গৰাকী, সাধাৰণতকৈ পৃথক ৷
ৰচকী বায়ে চাই আছে পাৰ্থৰ মুখলৈ, কওঁ নকওঁকৈ ক'লে সি-- "বাই, মই অবিনাশ হাজৰিকাৰ ল'ৰা ৷"
হঠাৎ, কি হৈ গ'ল ! ৰচকী বাই থৰ হৈ ৰ'ল কিছুপৰ, তাৰপাছত বুকুৰ সমস্ত মমতাৰে আঁকোৱালি ল'লে পাৰ্থক...। কি পতিক্ৰিয়া প্ৰকাশ কৰিব ভাবি নাপালে সি, মাথো নজনাকৈয়ে চকুলো ওলাই আহিল তাৰ, ৰচকী বাইৰ স্নেহস্পৰ্শা দুহাতৰ মাজত নিজক সামৰি ৷ মিলন খুৰাই অবাক হৈ চাই ৰ'ল ৷ আৱেগবোৰ সামৰিব নোৱাৰা ৰচটী বায়ে টপাটপে চুমা খালে পাৰ্থৰ গালে মুখে । তাৰ পাছত, তাৰ মুখখন দুহাতেৰে আলফুলে ধৰি আৱেগেৰে ক'ল- "মই জানিছিলোঁ অ'... মোৰ পোনাটো এদিন আহিব মোৰ ওচৰলৈ ৷ আজি সঁচাকৈয়ে আহিলি তই । তই নাবুজিবি অ' কিমান বাটচাই থাকো তোলৈ...।" ঠুকাঠুকি হ'ল ৰচকী বাইৰ কণ্ঠ । সেই আৱেগসনা সময়খিনিত হঠাৎ সেই ভাবটোৱে পুনৰ টোলপাৰ লগালে পাৰ্থৰ মনত --"প্ৰকৃততে সি ৰচকী বাইৰ সন্তান নহয়টো !" (আগলৈ)








