কাজিৰঙাৰ মূল গেটখনতে এখনি কবিতা পাঠৰ সভাত নিমন্ত্ৰণ পাইছিলো । সেইবাবে বাচত যাত্ৰা আৰম্ভ কৰিছিলো । বহু যাত্ৰীৰ মাজতে মই বহি যোৱাৰ সুবিধাকণ লাভ কৰিছিলো, হাতত মবাইলটো পিটিকি থাকোতেই হোৱাটচ্ এপত এটি বাৰ্তাৰ লগতে তিনিখন ধুনীয়া ফটো আহিছিল, কেনে লাগিছে শইকীয়া ? মই বহুত দেৰিলৈকে ফটো কেইখন চাই, বহুত ধুনীয়া বুলি মন্তব্য দিলো । সঁচাকৈয়ে চকুত লগা এগৰাকী ধুনীয়া গাভৰু, তাইৰ চকুত জিলিকি আছে প্ৰেমৰ জলন্ত সুবাস, চুলি খিনি একেবাৰে কিচকিচীয়া ক'লা, ফিৰ ফিৰ কৈ উৰি তাইৰ চকুযুৰি বাৰে বাৰে ঢাকিব খোজে ।মই মনতে ভাবিছো, আজি কিহৰ তাড়নাত ! তোমাৰ দৰে অপৰূপা গাভৰু বুঢ়া কবিৰ প্ৰেমত পৰি দুবাহুত আবদ্ধ ! ইমানেই ধুনীয়া তাই দেখনিয়াত যে, হৰিণা দেখিলে বাঘৰ জিভাৰ পানী পৰি যোৱাৰ অৱস্থা হওঁ হওঁ আৰু ।
কেনেকৈ নো কওঁ
নিজৰ দেহাতো আজুৰি
হিমালয়ত নাৰীলতা ফুল
বিশ্বাস আৰু ভালপোৱাৰ মাজেদি জীৱনলৈ দুনাই শাৰদীয় শীতৰ সেমেকা ৰাতি নিয়ৰৰ টোপাল হৈ আহিছিল জীৱন নামৰ কবিতা প্ৰেমিক মানুহজন । বয়স কমেও আঢ়ৈ কুৰিৰ অধিক হ'ব বুলি ক'লেও অলপমান কম কোৱাৰ নিচিনা হ'ব । তথাপিও উপায় নাছিল ৰীতাৰ ! যিহেতু তেওঁৰ চাকৰি অইলৰ দৰে ভাল কোম্পানিত । তেওঁ প্ৰতিমাহে পোৱা দৰমহা টকা কেইটাৰে তাইক গুৱাহাটীলৈ লৈ গৈছিল, তাইক এটি চাকৰি যোগাৰ কৰি দিয়াৰ প্ৰতিশ্ৰুতিৰে । নিশা হৈ অহাৰ লগে লগে হোটেলৰ কোঠাত তাইৰ পৰা বিনিময় বিচাৰি তাইক আমনি কৰে । ৰীতাৰ কোনো উপায় নাছিল । তাইক জীয়াই থাকিবলৈ এটি চাকৰি লাগে ! চকুলোৰে তাইৰ গাৰুটো তিতি গৈছিল । কাষতে জীৱন নাক বুজাই গভীৰ নিদ্ৰাত । আজি প্ৰায় সাত মাহৰ আগতে তাইৰ ঘৰৰ ওচৰৰ অজয় লগত তাইৰ বিয়া হৈছিল, সম্পূৰ্ণ সামাজিক ৰীতি নীতিৰে । অজয় এজন প্ৰতিস্থিত ব্যৱসায়িক আছিল । তেওঁ ব্যৱসায়িক দিশত সম্পূৰ্ণ সফলতা লাভ কৰিছিল যদিও নিজৰ সংসাৰখন কোনোমতে এসপ্তাহ অতিবাহিত কৰিছিল । তাৰপিছত মাৰপিট কৰি ৰীতাক ঘৰৰ পৰা খেদি দি, পুনৰ নতুন এগৰাকী ঘৰ সমুৱাইছিল । বুঢ়া গৰুৱে কুমলীয়া ঘাঁহ পালে নেগুৰ জোকাৰি জোকাৰি খায় । তথাপিও ৰীতাই মৌন ভাৱে সকলো সহ্য কৰি আহিছে ! জীৱন মানেই সংগ্ৰাম । সেইবাবেই তাই সংগ্ৰাম কৰি জীৱনত প্ৰতিষ্ঠা লাভ কৰিব খোজে ।
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ নাহৰ ফুল বিলাকে বসন্তৰ পৰশত চাৰিওফালে সুগন্ধি সুবাস বিলাই দিয়ে । ছাত্ৰী নিবাসত থকা ওচৰৰ দীপিকা জনীয়ে মহৰ শিংৰ পেপাৰ মাত শুনি ৰ'বকে নোৱাৰি আৰু বকুলৈ বিহুৱান দিয়ে । বিহুৱানৰ সোৱাদ পায় বুকুলে দীপিকাৰ প্ৰেমৰ জালত ভৰি দিয়ে । পাখি লগা কাড়ৰ দৰে, সময়বোৰ তীব্ৰ গতিত অতিক্ৰম কৰিব ধৰে । দীপিকাই বিশ্ববিদ্যালয়ৰ স্মৃতি বুলি ভাবি চূড়ান্ত পৰীক্ষা দি বকুলক বিদায় দিব খোজে । বকুল কিন্তু আকুৰগোজ, তেওঁ এই সিদ্ধান্ত কেতিয়াও মানি ল'ব নোখোজে ।তেনেদৰেই সংঘাত বাঢ়ি যায় আৰু সেই সংঘাত নিৰাময় কৰিবলৈ একেলগৰ ৰীতাক দীপিকাই বকুলৰ লগত সম্বন্ধ স্থাপন কৰিবলৈ চিনাকি কৰি দিয়ে । ইমান ডাঙৰ মেৰপাকত সুমাই সহজ সৰল চাচনী মেৰবিলৰ গাৱঁৰ ছোৱালী ৰীতাই কেৱল মৌন হৈ থাকিল । না- হা একো নকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা চূড়ান্ত পৰীক্ষা দি চিৰ বিদায় ল'লে । মাথো সকলো এটি স্মৃতি হৈ থাকিল । ( আগলৈ )








