প্ৰায় চকুৰে দেখা পাওঁ যেতিয়া আমি বাছেৰে বা গাড়ীত গ'লে পথৰ কাষত দেৱাল সমূহত প্ৰাণী বা প্ৰকৃতিৰ ওপৰত লিখা হৃদয় চুই যোৱা বাক্য । আচলতে এনে প্ৰকৃতিৰ প্ৰতি প্ৰেম মূলক বাক্য সমূহ কোনে লিখে হয়তো আমি বহুতেই নাজানোঁ সেয়েহে আমি আপোনালোকক আজি চিনাকি কৰিব খোজিছো সেইজন ব্যক্তিক যি জনে তেখেতৰ এই মহান কামৰ যোগেদি পৃথিৱীৰ বাবে আমাক সজাগ হ'বলৈ আহ্বান কৰিছে । তেখেতে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈকে প্ৰায় অঞ্চলতে পথৰ কাষৰ দেৱাল সমূহত চূণেৰে প্ৰকৃতি প্ৰেম মূলক বাক্য লিখি আহিছে । ডিব্ৰুগড় জিলাৰ এখন ভিতৰুৱা গাৱঁৰ জেৰাই গাওঁৰ সন্মানীয় প্ৰকৃতি প্ৰেমি শ্ৰীযুত কিৰণ গগৈ ককাইদেউ । আমি তেখেতৰ মুখেৰে জানিব খোজিলো । আহক আমি তেখেতৰ বিষয়ে জানো
- সৰ্বপ্ৰথমে বৰ্ণিল ই- আলোচনী তৰফৰ পৰা নমস্কাৰ জনাইছো ককাইদেউ ৷
কিৰণ গগৈঃ নমস্কাৰ সন্তোষ । ভাল পাইছো আজি তোমাক লগ পাই । তুমি আজি মোৰ অনুভৱ ল'বলৈ আহিছা মই সুখী হৈছো ।
প্ৰশ্নঃ ধন্যবাদ ককাইদেউ । আমি আপোনাৰ সম্পূৰ্ণ ঠিকনা আৰু পৰিয়ালৰ বিষয়ে জানিব খুজিম ।
কিৰণ গগৈঃ মোৰ নাম কিৰণ গগৈ,
দেউতাঃ শ্ৰী যতিন গগৈ
আইঃ স্বৰ্গীয়া হেমা গগৈ,
গাওঁঃ জেৰাইগাঁও
পোঃ অঃ- বগডোম
জিলাঃ ডিব্ৰুগড় ।
পত্নীঃ শ্ৰীমতী নিৰুপমা গগৈ আৰু
ছোৱালী দুজনী ল'ৰা এটা ।
প্ৰশ্নঃ ককাইদেউ আপোনালোকে এই মহান বৈচিত্ৰ ধৰিত্ৰী অনুষ্ঠান ক'ত আৰু কেতিয়া আৰম্ভ কৰিছিল ।
কিৰণ গগৈঃ হয় সন্তোষ । ১৯৯৩ চনত চাবুৱাত আমি প্ৰতিষ্ঠা কৰিছিলো কিন্তু প্ৰথম এই বিষয়ে আলোচনা হৈছিল তিনিচুকীয়া জিলাৰ বৰগাওঁৰ বাৰেকুৰীত । অৱশ্যে প্ৰথম অৱস্থাত আমাৰ অনুষ্ঠানৰ নাম আছিল ধৰিত্ৰী শান্তি সংঘ । আমি ১০ বছৰ আগতহে বৈচিত্ৰ ধৰিত্ৰী নাম দিলো আৰু বৰ্তমান লৈকে এই নামেৰে আমাৰ অনুষ্ঠান আগুৱাই নিচো । আচলতে আমাৰ অনুষ্ঠানৰ লক্ষ্য উদ্দেশ্য হৈছে- প্ৰকৃতিৰ বাবে সকলোকে সজাগ কৰা আৰু সকলোৰে প্ৰেম কৰা প্ৰকৃতিৰ প্ৰতিটো সৃষ্টিক । আমাৰ এখন নাটক আছে আৰু আমি প্ৰতিটো অঞ্চলত এই নাটক খন পৰিৱেশন কৰো । আমাৰ নাটক খনৰ নাম হৈছে "আত্মাৰ বিনাশ" আৰু নাটকখনৰ মূল বিষয় প্ৰকৃতি ।
প্ৰশ্নঃ আপোনালোকে অসমৰ প্ৰায় জিলাতে দেৱালত লিখি আহিছে । আমি জানিব খোজো আপুনি অকলেই লিখে নে ? আপোনালোকৰ অনুষ্ঠানৰ সদস্য সকলেও লিখে ?
কিৰণ গগৈঃ আচলতে দেৱালত লিখা মেলা মইয়ে বেছি কৰো । বৰ্তমানলৈকে শদিয়াৰ পৰা ধুবুৰী লৈকে লিখিছোঁ মাথোঁ কাৰ্বি আংলঙ জিলাত আমি লিখা নাই । বৰ্তমান আমাৰ অৰ্থৰ অভাৱত দূৰণি জিলা সমূহলৈ পুনৰ যাব পৰা নাই .... তথাপিও আমি যাবলৈ চেষ্টা কৰি আছোঁ ।
প্ৰশ্নঃ ককাইদেউ আজিকালি সকলো শিল্পী, সমাজসেৱক, দল সংগঠন আৰু চৰকাৰেও পৰিৱেশৰ বাবে গছপুলি ৰুবলৈ কয় আৰু নিজেও ৰুই আছে । সেইক্ষেত্ৰত আপোনালোকে কি কয় ?
কিৰণ গগৈঃ ভাল পাওঁ এই কাৰণে যে মানুহবোৰে প্ৰকৃতিৰ বাবে চিন্তা কৰিছে । কিন্তু এটা কথা .. আচলতে আমাৰ বৈচিত্ৰ ধৰিত্ৰী অনুষ্ঠানৰ কাম কিছু বেলেগ । আমি সকলো গছত কৈ ফল আৰু ফুলৰ গছক গুৰুত্ব দিও আৰু আমি এই সমূহ গছ ৰুওঁ । কিয়নো প্ৰতিটো জীৱক ফল আৰু ফুলৰ প্ৰয়োজন আৰু আমি স্কুল কলেজ বা ছাত্ৰ ছাত্ৰী সকলোকো এনেধৰণৰ গছ দিও ৰুবলৈ ।
প্ৰশ্নঃ আপুনি নিশ্চয় প্ৰকৃতি প্ৰেমি সন্মানীয় যাদৱ পায়েং ডাঙৰীয়াক লগ পাইছে । আপোনাৰ পৰা জানিব খুজিম তেখেতৰ বিষয়ে ?
কিৰণ গগৈঃ হয় সন্তোষ । মই প্ৰায় গৈ থাকো তেখেতৰ ওচৰলে । বহু বাৰ লগ পাইছো বহু আলোচনা কৰো তেখেতৰ সৈতে । মই তেখেতৰ গাৱঁলৈ গৈ গাৱঁৰ মানুহৰ লগতো আলোচনা কৰিছো গাৱঁৰ মানুহৰ মুখত জানিব পাৰিছো সেই ঠাইত কিন্তু চৰকাৰে ৰুৱা গছ আগৰ পৰাই আছিল আৰু গাৱঁৰ মানুহেও বহু গছ ৰুইছিল তেখেতৰ সৈতে । তেখেত সঁচাকৈয়ে এজন প্ৰকৃতি প্ৰেমি আৰু তেখেতে বহু কাম কৰি আছে প্ৰকৃতিৰ বাবে ।
ধন্যবাদ ককাইদেউ বহু কথাই আমি আপোনাৰ পৰা জানিব পাৰিছো ৷ এইবাৰ আমি আপোনাৰ ব্যক্তিগত জীৱনৰ লগত জড়িত এটা প্ৰশ্নৰ উত্তৰ বিচাৰিম ৷ আপুনি বেয়া পাব নি ?
কিৰণ গগৈঃ নাই, নাপাওঁ ৷
প্ৰশ্নঃ আপুনি চৰকাৰী চাকৰি কৰে নে ? আন কিবা কৰে ?
কিৰণ গগৈঃ নাই সন্তোষ মোৰ চৰকাৰী চাকৰি নাই । মাটি অকণমান আছে তাতে খেতি বাতি কৰোঁ । আগতে মই আদৰ্শ প্ৰাথমিক স্কুল এখনত ছয় বছৰ মান কৰিলো কিন্তু চৰকাৰী নহ'লগৈ সেয়েহে আঁতৰি আহিব লগা হ'ল ।
প্ৰশ্নঃ আপুনি গৌৰৱ কৰে নে প্ৰকৃতি প্ৰেমি হিচাপে ?
কিৰণ গগৈঃ সন্তোষ । গৌৰৱ কৰিবলগীয়া একো নাই । সঁচা কথা ক'বলৈ হ'লে ... মই এই কাম কৰি বহুত সুখী আৰু আগলৈকে কৰি যাম প্ৰকৃতিৰ বাবে । ভাল লাগে আমি স্কুল কলেজ বা বিভিন্ন সভা সমিতি সমূহত প্ৰকৃতিৰ বিষয়ে আলোচনা কৰি আৰু সকলোৱে আমাক সহযোগ কৰে । আমি বৰ্তমান লৈকে ৮০০০ মান অনুষ্ঠানত আলোচনা কৰিছো আৰু আমি তিনিটা বিষয়ে বেচি আলোচনা কৰো
১) গছৰ প্ৰজাতি ৰক্ষা কৰা
২) কিতাপৰ যোগেদি প্ৰকৃতি প্ৰেমি কৰা
৩) শাৰীৰিক পৰিশ্ৰমেৰে নিজৰ দেহাটো ভালে ৰখা আৰু ঘৰখনক সুন্দৰকৈ পৰিচালনা কৰা আৰু এটা কথা আমি যেতিয়া আলোচনা কৰি থাকো তেতিয়া ছাত্ৰ- ছাত্ৰী সকলক এটা এটা শব্দ ক'বলৈ কওঁ আৰু আমি সেই শব্দৰ ওপৰত প্ৰকৃতিৰ ওপৰত গান গাই শুনাওঁ ৷
প্ৰশ্নঃ আপুনি কেনেকৈ প্ৰকৃতি প্ৰেমি হ'ল । ধৰক আপুনি যদি প্ৰকৃতি প্ৰেমি নহ'লহেঁতেন তেন্তে কি হ'ল হ'লহেঁতেন ?
কিৰণ গগৈঃ বৰ জটিল প্ৰশ্ন সন্তোষ । প্ৰায় ২০ বছৰ আগতে আমাৰ ভৰলুমুখ গাৱঁত ৰাভা দিৱস পাতিছিল । তেতিয়া মই বিষ্ণু ৰাভাদেৱৰ প্ৰকৃতি প্ৰেম বা তেখেতৰ যাযাবৰী জীৱনে ৰাইজক সজাগ হ'বলৈ কৰাৰ প্ৰয়াসে মোৰ হৃদয় চুই গৈছিল আৰু তেতিয়াৰ পৰাই প্ৰকৃতিৰ বাবে চিন্তা কৰিবলৈ ল'লো । তেখেতেই মোৰ বাবে অনুপ্ৰেৰণা বুলি মই কম । তোমাৰ জটিল প্ৰশ্নৰ উত্তৰ দিবলৈ হ'ল ... যদি মই প্ৰকৃতি প্ৰেমি নহ'লোহেঁতেন তেন্তে মই অভিনয় আৰু গান গাই ভাল পাওঁ .. তেনে কিবা এটা হ'বলৈ চেষ্টা কৰিলো হ'য় ।
প্ৰশ্নঃ আপোনালোকে ৰং ব্ৰাছ বা অহা যোৱা কৰিবলৈ টকাৰ প্ৰয়োজন । ক'ত পাই এই টকা ? চৰকাৰে দিছে নে টকা ?
কিৰণ গগৈঃ হয় সন্তোষ টকা প্ৰতিটো সময়তে প্ৰয়োজন । আমি ৰং নহয় চূণেহে ব্যৱহাৰ কৰো । চূণ বহুদিন লৈকে বেয়া নহয় সেইবাবে চূণ ব্যৱহাৰ কৰো । আমি বিভিন্ন অনুষ্ঠান স্কুল কলেজত আলোচনা কৰোতে শিক্ষক- শিক্ষয়িত্ৰী আৰু বিভিন্ন সন্মানীয় ব্যক্তি সকলে অকণমান অকণমান অৰিহণা দিয়ে । চৰকাৰৰ পৰা ক'বলৈ গ'লে ... সন্মানীয় প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া থাকোঁতে আমাক ৬ মাহ মান কিছু টকা আগবঢ়াইছিল । বন বিভাগৰ বিষয়া সকলেও মাজে মাজে আমাক সহায় কৰিদিয়ে গছপুলি আৰু অকণমান অৰিহণাৰে ।
প্ৰশ্নঃ দেৱালত লিখিবলৈ যোৱা সময়ত বা লিখি থাকোতে কিবা অভিজ্ঞতা বা ঘটনা
কিৰণ গগৈঃ এই প্ৰশ্ন মোক ডিব্ৰুগড় দূৰদৰ্শনৰ সাক্ষাৎকাৰত শুধিছিল । বাছেৰে যেতিয়া দূৰ অঞ্চলত দেৱাল লিখিবলৈ যাওঁ তেতিয়া ভাড়া বিচাৰে .. মই দেৱালত লিখো প্ৰকৃতিৰ বাবে ভাড়া নাই বুলি কওঁ । মোক গাড়ীৰ পৰা নমাই দিয়ে আৰু বিভিন্ন গালি পাৰে কিবাকিবি কয় । মই তেতিয়া একো নকই কাষতে থকা দেৱালত মোৰ লিখা কাম আৰম্ভ কৰি দিওঁ ।
আমি কেতিয়াবা কেইবাদিনৰ বাবেও লিখিবলৈ যাওঁ আৰু লিখি থাকো আমাৰ হাতত চূণ লাগি লাগি চূণে হাতত খাই যায় আৰু হাতৰ পৰা তেজও উলাই আহে যেতিয়া ভাত খাবলৈ লওঁ বৰ কষ্ট পাওঁ কিন্তু মনটো ভাল লাগে এইবাবেই মই অন্ততঃ প্ৰকৃতিৰ বাবে কিবা এটা কৰিবলৈ আগবাঢ়িছো ।
প্ৰশ্নঃ আপোনালোকে কেনেধৰণৰ বাক্য লিখে প্ৰকৃতিৰ ওপৰত ?
কিৰণ গগৈঃ হয় মই কেইটামান কৈছো-
১) প্ৰকৃতি সুৰক্ষা শ্ৰেষ্ঠ মানৱতা
২) এইখন প্ৰকৃতি প্ৰেমি পৃথিৱী
৩) প্ৰাণী জগতে মানুহৰ সহায় বিচাৰিছে
৪) আকাশৰ গৌৰৱ ধৰিত্ৰী
৫) প্ৰদূষণত মানুহবোৰ লিপ্ত হৈছে
৬) বৈচিত্ৰময় অসম ৰক্ষা পৰক ৷
প্ৰশ্নঃ আপুনি অসমবাসীৰ পৰা কি বিচাৰে আৰু কি ক'ব অসমবাসীৰ বাবে ?
কিৰণ গগৈঃ চোৱা সন্তোষ । বিশেষকৈ আজিৰ যুগটো যান্ত্ৰিকতাৰ যুগ । আমাৰ ১০০ ভাগৰ ১০ ভাগহে মানুহে প্ৰকৃতিৰ কথা চিন্তা কৰে । মই কওঁ আমি ইয়াৰ ওলোটাহে হ'বলৈ হ'ল । মোৰ ক'বলগীয়া আমি একেজোপা গছ ৰুব নালাগে বিভিন্ন প্ৰজাতিৰ গছ ফল মূল ৰুব লাগে তেতিয়া আমাৰ নতুন প্ৰজন্মক দেখোৱাব পাৰিম ৷
প্ৰশ্নঃ আপোনাৰ বন্ধু সকলে কয়নে ? কি কৰিছ এইবোৰ কাম নাই । কিবা টকা ঘটাৰ কথা চিন্তা কৰ ?
কিৰণ গগৈঃ হয় সন্তোষ । মোৰ বহু বন্ধুৱে কয় আৰু আত্মীয় সকলেও কয় কিন্তু তেতিয়া মই কওঁ মইও কামেই কৰিছো । ঘৰত খেতি কৰি বাকী সময়ত পৃথিৱীৰ বাবে কাম আৰু এটা কথা বৰ ভাল লাগে মোৰ এই কামত ভাল পোৱা মানুহৰ সংখ্যা বেছি । মোৰ উৎসাহ দিয়ে আৰু আগুৱাই যাবলৈ কয় ।
প্ৰশ্নঃ অশেষ ধন্যবাদ ককাইদেউ আপোনাক আমাৰ আপোনাৰ বহুমূলীয়া সময় দিয়াৰ বাবে । আমি বৰ্ণিল আলোচনী হৈ আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰা লগতে আপোনাৰ এই মহান প্ৰচেষ্টা এদিন সফল হওঁক । আমি আশা কৰিছো অনাগত দিনত অসমৰ প্ৰতিজন মানুহে প্ৰকৃতি প্ৰেমি হৈ প্ৰকৃতিৰ বাবে চিন্তা কৰক
নমস্কাৰ আপোনাক ৷
কিৰণ গগৈঃ ধন্যবাদ সন্তোষ । মইও সুখী হ'লো তোমাক লগ পাই । তোমালোকৰ এই বৰ্ণিল আলোচনীলৈ সেৱা জনালোঁ । তোমালোকেও আগুৱাই যোৱা আৰু দহ জনক আগুৱাই নিয়া লগতে সাহিত্য সমাজ খন নিকা আৰু অসমীয়া ভাষা সংস্কৃতি উজ্জ্বল হওঁক ৷
নমস্কাৰ
বৈচিত্ৰ ধৰিত্ৰী ৷









