টেটকুটি (কৌস্তুভ প্ৰতীম কাশ্যপ)

প্ৰথম খণ্ড

'ক্ৰিং ক্ৰিংকৈ' বাজি উঠা ফোনটো ধৰি লৱণে কাণত লোৱাৰ প্ৰায় তিনি মিনিট মানৰ পাছত ফোনটো থলে আৰু চাৰিশ চল্লিছ ভল্ট কাৰেণ্ট গাত পৰাৰ দৰে থৰ লাগিল ৷ যেন সি আশা নকৰা কথা এটা তাৰ কাণৰ মাজেৰে পাৰ হৈ গ'ল ৷ সেইকণ সময়ৰ ভিতৰতে সি কেইবাবাৰো চিন্তিত হৈ পৰিল ৷ ফোনটো ৰখাৰ আগমুহূৰ্তলৈ সি কেইবাবাৰো সিপ গিলিলে ৷
- "কি হ'ল" - ফোনটো হাতত লৈ সন্মুলৈ চাই থকা দেখি মুখৰ আগেদি পাৰ হৈ যোৱা মাকে সুধিলে ৷ জাপিবলৈ অনা কাপোৰখিনিৰ পৰা মনটো পুতেকৰ ফালে ঢালি গ'ল ৷ ৰাতিপুৱাই ইমান চিন্তিত দেখি মাকেও এক আচৰিত দৃষ্টিৰে পুতেকলৈ প্ৰশ্নবোধক দৃষ্টিৰে চাই থাকিল ৷
- "আমাৰ অংক চাৰৰ কেইদিনমানৰ পৰা গা বেয়া হৈ আছিল"- কথাষাৰ কৈ সি আৰু চিন্তিত হৈ পৰিল ৷ সি কাষতে থকা চকীখনত বহি দিলে ৷
- "এতিয়া কি হ'ল ? কিবা হ'ল নেকি তেওঁৰ ?" হাতৰ পৰা কাপোৰখিনি মাকৰ অজ্ঞাতে পৰি গ'ল । তেওঁ লৱণৰ ওচৰ চাপি আহিল ৷
- "নহয় অ', এতিয়া অশোকে ফোন কৰি কৈছে তেওঁ হেনো ভাল পাইছে ৷ আজিৰ পৰা বোলে স্কুল আহিব ৷ আহিয়ে বোলে ফৰ্মূলা মুখস্থ ল'ব ৷" -কথাষাৰ কৈ সি তলমূৰ কৰিলে ৷
- "কতা নিধক, মানুহ ভয় খুৱাই মাৰিবি তই ৷ আঁতৰ হ' মোৰ চকুৰ আগৰ পৰা ৷ পঢ়িবটো নোৱাৰই, তাৰোপৰি মোক ভয় খুৱাব আহ ।" - কথাষাৰ কৈয়ে মাকে মাটিত পৰি যোৱা কাপোৰ খিনি হাতত তুলি লৈ ভিতৰলৈ সোমাই গ'ল ৷ মাক ভিতৰলৈ যোৱাৰ উমান পাই সি আকৌ ফোনটো টিপিবলৈ ধৰিলে ৷ ভয় আৰু অধৈৰ্যতাৰ অধীনত সি কিছুমান অলাগতিয়াল নম্বৰ টিপিলে ৷ আকৌ ফোনটো থৈ পুনৰ কাণত ল'লে ৷ একেটি কাৰ্যৰ পুনৰাৱৰ্তনৰ পাছত প্ৰায় তিনি নম্বৰ বাৰত অশোকৰ ঘৰৰ ফোনটো ৰিং কৰা শুনিলে ৷
- "ওঁ ক ।" -ফোনটোৰ ইটো পাৰে থকা অশোকে ক'লে ৷
- "তোক কোনে ক'লে ?"
- "কবিৰহঁতৰ টিউচনত কৈছিল ৷ মোক সি এতিয়া ফোন কৰি ক'লে ।" অশোকে ক'লে ৷ "ছে:, ৰাতিপুৱাই বেয়া খবৰটো পালো । স্কুললৈ যাবলৈ মনেই নোযোৱা হৈ গ'ল ৷"
- "আগতে তই এনে স্কুললৈ যাবলৈ পাগল হৈ আছিলি ৷" অশোকৰ মাতষাৰত থকা ইতিকিঙৰ শৰে লৱণক আঘাত কৰিলে ৷
- "ধেত ফোন ৰাখ ৷" -হাতত থকা ফোনটো থৈ লৱণে টাৱেলখন লৈ বাথৰূমলৈ বুলি সোমাই গ'ল ৷ ইফালে অশোকে নিজৰ পঢ়া টেবুলৰ সন্মুখত থকা সৰস্বতী মাৰ ফটোখনৰ আগত বহি আছে । কাষৰ কোঠালিত মাকো ঝাড়ু দি আছিল ৷ অশোকে নমস্কাৰ কৰিবলৈ লোৱাৰ দৰে হাত দুখন জোৰ কৰি আছিল ৷ মাজে মাজে মুখৰ ভিতৰত গুণগুণ আৰম্ভ কৰি হাত দুখন কপালৰ ওচৰলৈ চপাই নিয়ে ৷
- "মা, আজি মোক বছোৱা ৷"
অশোকৰ মুখত সৰস্বতী মালৈ এক কৰুণ মিনতি ৷ মাকৰ মৰমৰ পুতেকে যেনেকৈ অঠাই সাগৰত পৰি ককবকাই মাকলৈ শেষৰ সময়ত সহায় বিচাৰি শব্দ প্ৰেৰণ কৰে, তেনেকৈয়ে অশোকে সৰস্বতী মাৰ ফটোখনলৈ চাই থাকিল ৷
- "কি হ'লনো তোৰ ?"- মাতষাৰ শুনি তলমূৰ কৰি থকা অশোকে সৰস্বতী মায়ে মতা বুলি ঘপককৈ ফটোখনলৈ থৰ লাগি  চালে ৷ পাছ মুহূৰ্ততে সি অনুমান কৰিব পাৰিলে যে সেইটো তাৰ মাকৰ মুখৰ মাত ৷
- তোক কোৱা নাই ৷
- আৰু কোনজনী মাৰক কৈছ ? বাপেৰে বেলেগ কাৰোবাক আনিলে নেকি ?" কাষৰ কোঠালিৰ পৰাই মাকে উচ্চ স্বৰে ক'লে ৷ (আগলৈ)

ঠিকনাঃ কলিয়নী গাওঁ, বালিগাওঁ
জিলাঃ যোৰহাট
দূৰভাষঃ ৭০৩৫৩৩৭৮৩৪