তোমাৰ হৃদয়ৰ অপ্ৰকাশিত
সুৰৰ টোপালবোৰ
ঢালি দিয়া মোৰ মৰহি যোৱা
বাঁহীৰ বিন্ধাবোৰত...
যাৰ ৰাগিনীত ৰিঙিয়াই উঠিব
বাঁহীৰ লহৰ...
কম্পমান হৈ পৰিব দুহাতৰ আঙুলি...
যাৰ শব্দত ভাঙিব মোৰ আত্নাৰ
নিতাল নীৰৱতাৰ তন্ময়
ক্ৰমশঃ এনেকৈয়ে এদিন
তোমাৰ সুৰৰ চন্দই নিৰ্মাণ কৰিব
মোৰ লুপ্তপ্ৰায় হৈ যোৱা বাঁহীৰ সুৰৰ মালাধাৰি...