তই, মই; এক আত্মীয়তা (কল্যাণী দত্ত)

তোৰ আৰু মোৰ  মাজৰ এঁকা- বেঁকা
পথটিত এডালি নিটোল সুদৃঢ় সাঁকো .....

মাজত এযোৰ খুটা;
প্ৰেম- প্ৰেৰণা আৰু  আত্মীয়তা- সহযোগিতাৰ ।

বিশ্বাস আৰু  খং- অভিমানৰ দোলেৰে
খুটাযোৰ আঁতি- আঁতি  বন্ধা....

প্ৰতি পলে অনুপলে দলদোপ হেন্দোলদোপকৈ
উজাই আহে 'বন্ধুত্ব' নদীত পকনীয়াৰ  বান....

সোঁতৰ চেৱে চেৱে নাচি বাগি
আৰু অধিক শক্তিশালী হয়
সাঁকোডাল...
ভাগি নপৰাকৈ,
নিঃশেষ হৈ নোযোৱাকৈ,
কিম্বা পকনীয়াত খহি নপৰাকৈ !

তই মোৰ বিশ্বস্ত সহচৰ ...
মোৰ সুখ- দুখৰ শেলুৱৈ পিচল

জীৱনৰ অভিন্ন লগৰী ।
তই যদি গছ,
মই শিপা,
তই ফুল,
মই  সুগন্ধি,
তই দিন,
মই দিনমণি,
তই জোনাক,
মই  জোনালী,

তই মোৰ বন্ধু আৰু  মই তোৰ
কলিজাৰ  ধপধপনি