নীলাঞ্জনা (জয়দেৱ ৰায়)

এখন হালধীয়া মৰুভূমি
জীৱনহীনতাৰ শ্মশান
তুমিতো নাজানা কথাবোৰ
তুমিতো একোয়েই নজনা নীলাঞ্জনা,
বৰ বেয়া পাবা তুমি
মোৰ আত্মহননৰ ডায়েৰি পঢ়ি,
মই যে আজিকালি যন্ত্ৰণাৰ
ধূবাসিত চিগাৰেট হুপু,
আৰু পি মাতাল হৈ থাকো
শূন্যতাৰ মদিৰা,
মই শেষ হ’বলৈ লৈছো অ’ নীলা,
এইদৰেই
এদিন মই হেৰাই যাম
আকাশৰ নীলাৰ মাজত,
অ' নীলা, মোৰ নীলা
তোমালৈ মোৰ শেষ অনুৰোধ,
তোমাৰ চকুৰ নীলাৰে
বিদায় নজনাবা দেই মোক,
হাঁহি থাকিবা তুমি
সৌ দূৰণিৰ তৰাটি হৈ
সদায় চাই ৰ’ম তোমাক ৷

ঠিকনাঃ অভয়াপুৰী, বঙাইগাওঁ