জীৱন এখনি প্ৰৱাহিত নৈ,
বৈ যাবলৈ প্ৰয়োজন হয়
এটি ধীৰজ আত্মাৰ ৷
প্ৰকৃতিৰ নিয়মানুসৰি ব'বলৈ গ'লে,
সন্মুখৰ পৰা আগুচি ধৰে বাধাৰ প্ৰাচীৰে ৷
নৈয়ে কথা দিছে
সাগৰক মিলন হোৱাৰ ৷
এই কথা ৰাখিবলৈ
নৈ খনি যেন উত্তেজিত ৷
ৰঁচিছে সপোন সাগৰৰৰ সৈতে লীন হৈ
প্ৰতিশ্ৰুতি ৰখাৰ ৷
কিন্তু নৈখনি অপৰিচিত সমাজৰ
ষড়যন্ত্রৰ জটিল ৰহস্যৰ ৷
এই মিলন সমাজে যেন সহ্য কৰিব নোৱাৰে,
যাৰ বাবে বান্ধি দিয়ে নৈৰ বুকুত
ভাঙিব নোৱাৰা কৃত্ৰিম বান্ধ ৷
বান্ধোনৰ পৰা মুক্তি নোপোৱাৰ
ক্ষোভত নৈয়ে
বুকুত বান্ধি লয় মিলনৰ দৃঢ় প্ৰতিজ্ঞা ৷
এই ক্ষোভতেই নৈৰ বুকুত জাগৰণ হৈ উঠে
বান্ধোনৰ শিকলি ছিঙি,
আগলৈ বৈ যোৱাৰ মানসিকতা ৷
ঠিকনাঃ বাক্সা
বৈ যাবলৈ প্ৰয়োজন হয়
এটি ধীৰজ আত্মাৰ ৷
প্ৰকৃতিৰ নিয়মানুসৰি ব'বলৈ গ'লে,
সন্মুখৰ পৰা আগুচি ধৰে বাধাৰ প্ৰাচীৰে ৷
নৈয়ে কথা দিছে
সাগৰক মিলন হোৱাৰ ৷
এই কথা ৰাখিবলৈ
নৈ খনি যেন উত্তেজিত ৷
ৰঁচিছে সপোন সাগৰৰৰ সৈতে লীন হৈ
প্ৰতিশ্ৰুতি ৰখাৰ ৷
কিন্তু নৈখনি অপৰিচিত সমাজৰ
ষড়যন্ত্রৰ জটিল ৰহস্যৰ ৷
এই মিলন সমাজে যেন সহ্য কৰিব নোৱাৰে,
যাৰ বাবে বান্ধি দিয়ে নৈৰ বুকুত
ভাঙিব নোৱাৰা কৃত্ৰিম বান্ধ ৷
বান্ধোনৰ পৰা মুক্তি নোপোৱাৰ
ক্ষোভত নৈয়ে
বুকুত বান্ধি লয় মিলনৰ দৃঢ় প্ৰতিজ্ঞা ৷
এই ক্ষোভতেই নৈৰ বুকুত জাগৰণ হৈ উঠে
বান্ধোনৰ শিকলি ছিঙি,
আগলৈ বৈ যোৱাৰ মানসিকতা ৷
ঠিকনাঃ বাক্সা








