শুকুলাৰ মাজত বিষাদ কাহিনী (জয়ন্ত নিবিড় কলিতা)

কেনেকৈ হ'ব পাৰে
শুকুলা তাইৰ প্ৰিয় ৰং
যদিও তাইৰ প্ৰিয়
আকাশত উৰি ফুৰা
সৌ শুকুলা পাৰ জনী ।

কেনেকৈ সাবটি লয়
শুকুলা ৰং বোৰক
যদিও শাৰদী বতৰত
আলফুলে বুটলি আনে
নিয়ৰ সনা শেৱালিৰ সুগন্ধিক ।

হালি জালি নাচি থকা
শুকুলা কুঁহুৱা বন
নীলা আকাশত দৌৰি থকা
শুকুলা মেঘৰ টুকুৰা
সকলোবোৰেইটো আছিল এদিন
তাইৰ অতিকৈ আপোন ।
তথাপিতো নামানে তাইৰ মনে এতিয়া
সেই শুকুলা ৰংবোৰক ।

কেনেকৈ ল'ব বাৰু দুহাত মেলি ?
সেই শুকুলাই দেখুৱাই বাৰে বাৰে
হেৰুৱাৰ অবুজ বেথাৰি
আৰু বিৰহৰ তিক্ত যন্ত্ৰণা ।
কিয়নো
তাইৰ শুকুলা সাজে
কৈ যায় পলে পলে
বিষাদৰ কাহিনীবোৰ,
সোঁৱৰাই দিয়ে বাৰে বাৰে
তাই এজনী অভাগিনী নাৰী ।

দূৰভাষঃ ৯৮৫৪২৭৩৮২৯