সেউজীয়াবোৰে সাৰ পাইছে
শৰত অহাৰ উমান পাই
আবেলিৰ অস্তগামী সূৰুযৰ
বোকোচাত উঠি
নামিছে শৰতৰ সন্ধিয়া
শেৱালি গোন্ধোৱা বাট এটিৰে
আহিব বুলি তেওঁ মোৰ পদূলিত
বিষাদ মোৰ প্ৰিয় নাছিল
জোনাকীৰ শীতল ছাঁয়াত
দুচকুয়ে আঁকিছিল
এটি মিঠা সপোন
তথাপি নিয়ৰ সিক্ত দুবৰিত
ঠেহ পাতি কিয়
মোৰ কঁহুৱা- কোমল হেঁপাহবোৰ
অভিমানবোৰ আঁচলত বান্ধি
আজিও ৰৈ থাকো
শেৱালি ফুলা জোনাকী সন্ধিয়াত
তেওঁৰ বাট চাই ।
শৰত অহাৰ উমান পাই
আবেলিৰ অস্তগামী সূৰুযৰ
বোকোচাত উঠি
নামিছে শৰতৰ সন্ধিয়া
শেৱালি গোন্ধোৱা বাট এটিৰে
আহিব বুলি তেওঁ মোৰ পদূলিত
বিষাদ মোৰ প্ৰিয় নাছিল
জোনাকীৰ শীতল ছাঁয়াত
দুচকুয়ে আঁকিছিল
এটি মিঠা সপোন
তথাপি নিয়ৰ সিক্ত দুবৰিত
ঠেহ পাতি কিয়
মোৰ কঁহুৱা- কোমল হেঁপাহবোৰ
অভিমানবোৰ আঁচলত বান্ধি
আজিও ৰৈ থাকো
শেৱালি ফুলা জোনাকী সন্ধিয়াত
তেওঁৰ বাট চাই ।








