মা (চিত্ৰময়ী চন্দীকা)

তই মোৰ বৰ আপোন
মই তোৰ সপোন
প্ৰেমৰ বাৰ্তালাপৰ এক সংলাপৰ দৰে...
আজি ভেৰনীয়া মাতৃও উচুপি কান্দে
মোৰ কাষত থকা হ'লে তই
পজাপতি মনৰ সপোনৰ অনুৰোধ এয়া......
এজাক প্ৰেমৰ খৰিকাজাঁই
ডাল ভৰি উলমি পৰে....
স্বৰ্গৰ পাৰিজাত পাহি
বগা সাজ পিন্ধি জোনৰ
পোহৰতে নৃত্য কৰে.....
অৱশেষত স্বপ্নভংগ ৰাতিৰ শেষত
থানবান হৃদয়ৰ কোণবোৰ
আৱেগৰ ঠিকনা বিচাৰি.......
আজি মোৰ কাষত থকা হ'লে
মা তই মোৰ বৰ আপোন অ'.......