প্ৰেমৰ পৰিধি (ৰাজশেখৰ)

আবেলিৰ সময়খিনি কটাবলৈ বন্ধুবিলাকৰ সৈতে মই বজাৰত আড্ডা দিছিলো । এনে মুহূৰ্তত আমি বিভিন্ন কথাৰ মেল মাৰিছিলো । আমাক আচৰিত কৰি বান্ধৱী সংগীতাই তাইৰ সাত মহীয়া বেলিৰ সৈতে মাত লগালেহি পিছফালৰ পৰা । আমি আলহীৰ লগত আনন্দেৰে ব্যস্ত হ’লো ৷ কথাৰ মাজতে বাবু খুৰাৰ দোকানলৈ মোক লগ ধৰিলে, চাহ পৰ্ব সামৰি মই, যাবলৈ ওলাওঁতেই আমাৰ চোতালত কাৰোবাৰ শব্দ শুনি বাহিৰলৈ ওলাই গ'লো অ, আপুনি ? আহক, বহকহি ৷ মনটো সেমেকাই দ্ৰয়িং ৰুমত বহিবলৈ দিলো ৷ মনতে ভাবিলো, বাবু খুৰাক এতিয়া কি কওঁ ? তেওঁক এৰিবও নোৱাৰো আলহীক ও এৰি যাব নোৱাৰো । তেওঁ বেয়া নোপোৱা প্ৰতিশ্ৰুতিৰে অকলেই গ’লগৈ ৷ এইবাৰ মই নতুন আলহীৰ লগত ব্যস্ত হ’লো বেলেগ ধৰণে ৷
তোমাৰ "তোমাৰ পদূলি" নামৰ কবিতাটো আকৌ গোৱাচোন, আলহীয়ে ক’লে ।     
“একাকাৰ কৰি ব'হাগ জেঠ
আহাৰ- শাওণ
দুচকৰ বৰষুণত তিতিছো মই
বুকুৰ পথাৰত নমাই দুখৰ ডাৱৰীয়া আকাশ,
মই তোমাৰ পদূলিলৈ উজাইছো ।”
- বাঃ বৰ ভাল লাগিছে, কবিতাটোৰ অৰ্থ ভালদৰে বুজি নাপালো, মোক বুজাই ক'বানে ? তাই মোক সুধিলে । অৱশ্যে মই তাইক অৰ্থটো বুজাই দিলো ৷ তাইৰ মুখ মণ্ডল আগতকৈও আনন্দ আৰু উৎসাহ পূৰ্ণ দেখা গ’ল ৷ ইমান আগ্ৰহ আৰু আৱেগপূৰ্ণ মুখ ৷
মই কবিতাটোৰ অৰ্থ বুজিবলৈয়ে তোমাৰ ওচৰলৈ দৌৰি আহিছো । সেইদিনা সাহিত্য সন্মিলনীত ভাল লাগিছিল তোমাক আৰু জানা ? মই সকলোৱেই উপকৃত হোৱাকৈ উচিত প্ৰশংসা কৰিছো আনৰ দৰে কৃপণালি নকৰো এই ক্ষেত্ৰত,  “হয়”। মই চমুকৈ ক'লো । তাইৰ আন্তৰিকতাপূৰ্ণ নিভাজ উৎসাহ মোৰ ভাল লাগিল ৷
আমি দুয়ো অন্যান্য তাত্বিক কথাবোৰ আলোচনা কৰিবলৈ ধৰিলো । জ্ঞানীলোকৰ দৰে ৷ দুয়োৰে হৃদয়, মগজু পৰিস্কাৰ হোৱা যেন লাগিল । মই শেষত কৈ উঠিলো- এনেকৈ কথাবোৰ আলোচনা কৰিবলৈ যোগ্য ব্যক্তি পালে ভাল লাগে ৷ আহিবাচোন, কথা পাতিম, তাই আবেলিটো সুন্দৰ কৰি গ’লগৈ ৷ মই অনুভৱ কৰিলো তাই মোৰ সাহাচৰ্য্য বিচাৰি, উত্তাপ বিচাৰে আলসুৱা- কাৰোবাৰ সংগত যদি কোনোবা উপকৃত হয় তেন্তে তাত কি দোষ আছে ? যদি এখোজ আগুৱাই যোৱাত প্ৰেৰণা থাকে, তেনে সংগ দিয়া জনৰ বাবে নিশ্চয় গৌৰৱৰে কাৰণ ৷ মোৰ হিয়াত বীণা বাজিল, মই যেন এটা কাহিনী বিচাৰি পালো ।
- হে’ল্ল’ কি কৰিছা ? মোৰ তোমাক লগ পাবলৈ মন গৈছে ৷
- অ হয় নেকি ? মই সুধিলো আৰু বুজিলো, তাইৰ অৱস্থাটো । অলপ সময় নীৰৱতাৰে তৎক্ষনাত কৈ উঠিলো, আহক, মই ঘৰতে আছো, জন্মাষ্টমী আমি উপভোগ কৰিম ৷ কথাষাৰ কোৱাৰ পাছত মোৰো কিবা এটা দেহৰ ভিতৰত গুমগুমনি অনুভৱ কৰিলো । নিজক সুধিলো, মোৰো কিবা হৈছে নেকি ? যুক্তিৰে মুৰটো, শৰীৰটো জোকাৰ মাৰি পঠালে ।
সময়মতে তাই আহি পালে, মোলৈ মিঠাইৰ পেকেট এটা আগবঢ়াই দিলে । কিয় আনিব লাগে ? মই মৃদুভাৱে প্ৰতিবাদ কৰিলো ৷ অলপ লাজকুৰীয়া হাঁহিৰে ক’লে জন্মাষ্টমী বুলি কথা ৷
তুমি আৰু আপুনিৰ পাৰ্থক্যটো তাই বুজি নোপোৱা কৰিব বিচাৰিছে । মই বয়সৰ আধিক্য বৰ্তাই ৰাখিব বিচাৰিছো ৷
মই যি অনুমান প্ৰথমতেই কৰিছিলো সেইটো সঁচা হ’বলৈ গৈ আছে । নিজকে সচেতন কৰিবলৈ সাজু হ’লো । যদিও তাইৰৰ সৈতে আমাৰ দেশৰ সমস্যা, বিভিন্ন দিশ আলোচনা কৰি থাকিলো আৰু লগতে সাহিত্য আদিৰ বিষয়ে বিতং আালোচনা কৰিলো ।কথাৰ মাজতে তাই ক’লে, “মই কম সুখী মানুহ, মোৰ আকাংক্ষা বহুত, মই ধেৰ কিবা বিচাৰো, মোক আৰু লাগে ।” তাই মোৰ চকুত চকু থলে ৷
মই অসস্তিৰে ঘূৰাই আনিলো । নীৰৱতা ভাঙি ক’লে, মই তোমাক কথা এটা ক’ব খোজো ৷
- কি কথা ? এনেকৈ ইয়াত নহয় । তেন্তে ক’ত ? এনে কি কথা আছে যে ইয়াত ক’ব নোৱাৰে ?
- নাই, ইয়াত নহয়, অলপ অকলশৰে, মানুহ নথকা ঠাইত হ’ব লাগিব ।
- নাই, নহ’ব, কওক, ইয়াতে কওক মই জোৰ দি ধৰিলো ৷ তাই নকৈ গ’লগৈ ৷
দুদিনৰ পিছত তাই ফোন কৰিলে আৰু মোক লগ কৰাৰ কথা ক’লে । মই কথা দিলো । সেইমতে আমি সুধাকণ্ঠৰ সমাধিত লগ কৰিলো ৷ মানুহৰ সমাগমত তাই সাহস নকৰিলে । আমি অলপ ৰাস্তালৈ ওলাই আহিলো ৷ তাইলৈ প্ৰশ্ন বোধক চাৱনিৰে সুধিলো ? এজনী চঞ্চলা গাভৰুৰ দৰে কৈ উঠিল মই তোমাক বিয়া কৰাব খোজো । মই বেঙা হৈ ৰাস্তাত ঢলি নপৰাকৈ থাকি কথাটো নুবুজা হৈ থাকিলো ৷ আকৌ কওক মই বুজা নাই ৷
- ইয়াত নুবুজিবৰ কি কথা আছে ? 
মই নুবুজা একো টান কথা কোৱা নাই । মই ধুমুহা এজাক মোৰ চৌপাশে বলা অনুভৱ কৰিলো, অলপ সুস্থিৰ হৈ সুধিলো-
- কিয় মোক তেনে প্ৰস্তাৱ দিছে ? 
- মই তোমাৰ হাত ধৰি সপোন দেখিব বিচাৰো আৰু তোমাৰ কোলাত শান্তিৰ টোপনি যাব বিচাৰো, তোমাক লাগে মাথোন, তাৰ লগতে লাগে তোমাৰ কবিতাবিলাক । মই বৰ আচৰিত আৰু ভয় অনুভৱ কৰিলো । মোৰ বয়স আপুনি জানেনে এতিয়া কিমান ? এৰা, এই সমস্যাৰ দূৰত্বটো কমাব পৰা হ’লে মোৰ এই ক্ষেত্ৰতে অসুবিধাটো আছে । তাই তুমি সম্বোধন কৰাটো ঠিকে আছে, কিন্তু মইতো তুমি সম্বোধন কৰিব নোৱাৰিম, বুজাবলৈ চেষ্টা কৰিলো । তেওঁৰ একান্ত আশা আৰু কল্পনাক বাস্তৱিত কৰিব পৰা হ’লে…. মই গভীৰ ভাবে ভাবিলো, কিন্ত ই যে অসম্ভৱ, সময়যে অতীত হৈ গ’ল ।তাই নীৰৱতা ভাঙি ক’লে-
- বাৰু মই তোমাক জোৰ নকৰো, তুমি ভাবি চাবা, তোমাৰ ওপৰতে সকলো নিৰ্ভৰ কৰিছে । মই তোমাক বিচাৰো মোৰ তোমাক লাগে, তোমাৰ কবিতা লাগে আৰু বহুত কথা, কণ্ঠ কঁপনি এটা শুনা গ’ল তাই গুচি গ’লগৈ ।
মই চিন্তাৰ টোপোলা এটা মূৰত তুলি বাটত ভাবিলো –মানুহৰ কিয় এনে হয় ? মোকেই বা তাই কিয় বাচি ল’লে ? প্ৰকৃততে তেওঁ কবিতা, সাহিত্য এই বোৰক প্ৰেম কৰিছে, সেইবাবে তাই মোৰ সংগ কামনা কৰিছে । এয়া তাইৰ সাময়িক মোহ প্ৰেম নহয় । মই অলপ ধৈৰ্য্য ধৰিব লাগিব আৰু সংযত হ'ব লাগিব । তাইক মই আপুনি সম্বোৰ্ধনেৰে সন্মান যাঁচি আছো আৰু তাই মোক তুমিৰে তাইৰ বয়সটো কমাই পেলাইছে ৷ কি যে চাকনৈয়া ! তাই ফোন কৰিলে, মই বুজালো- সামাজিক দায়ৱদ্ধতাৰ কথা পৰিয়ালৰ কথা, সন্মান, মৰ্যদাৰ কথা দোহাৰিলো ৷ মোৰ সৈতে সংস্পৰ্শত থাকিলে তাইৰ নৈতিক স্খলনৰ কথাও আওঁপকীয়াকৈ বুজালো । কিন্ত তাই নিজৰ কাম কৰিবই এনে মনোভাৱত ক’লে-
- তুমি মোক বুজাব নালাগে, সমাজে সমস্যা সমাধান মোক কৰি দিব নেকি ? মই মোৰ সংসাৰ পৰিচালনা কৰিম, তুমি মোক সহাৰি দিয়া,মোৰ এই শেষ কথা ।তাইৰ আশাত চেঁচা পানী ঢালিলে কেনে হ’ব ? মই তাইক বুজিবলৈ চেষ্টা কৰিলো, কিন্ত মই পাৰিমনে এই কাম কৰিব নিজক ভালদৰে এবাৰ সুধি চোৱা প্ৰয়োজন । আৰ্থিক দিশত নিচ্ছল হ’লেও মনৰ ফালৰ পৰা মই স্বচ্ছল । শেষত মই সিদ্ধান্ত ল’লো মানৱীয় অনুভুতিৰে নিৰাশ নকৰি, সমাজৰ বিৰুদ্ধে এটা নতুন কাম কৰিম, মোক যিমানেই শিলা বৰ্ষণ নকৰক সমাজে, মই সহিম, তেওঁৰ বাবে । এদিন- তাইক মোৰ সিদ্ধান্তটো ফোনত সন্ধিয়া বাৰ্তালাপতেই জনালো ৷ মোৰ উত্তৰটো পাই তাই স্ফুৰ্টিৰ সলনি বিষ্ময় হ’ল, ভাবিছিলো তাই বৰ আনন্দ পাব আৰু মোৰ সেইবাবে ভাল কাম কৰাৰ গৰ্ব হ’ব । কিন্ত আচৰিত কৰি ফোনটো থওঁ বুলি কাটিলে । বেছি চিন্তা এই ক্ষেত্ৰত নকৰি স্বাভাৱিক বুলি ভাবিলো । তাই নঞঁৰ্থক উত্তৰ আশা কৰিছিল আৰু মোৰ পিছত লাগি থাকিব বিচাৰিছিল এটা খেলৰ দৰে । তাৰ পাছৰ ফোন ক’ল বোৰত প্ৰেমৰ কথাবোৰ মোৰ কাণত ঢালিবলৈ ধৰিলে মৌৰসৰ দৰে আৰু মোৰ পৰাও তেওঁ তেনে আশা কৰিলে ৷ মই কথাবাৰ্তাত উটি নগৈ অলপ সাৱধানেৰে পাতিলো । তাইৰ জোৰ কৰিবলৈ ধৰিলে ভাল লগা কথা কোৱা, বতাহত কিবা এটা আদান- প্ৰদান, হৈ থাকিব লাগে, এনেয়ে সময় নষ্ট নকৰিবা ৷ এনেবোৰ মুহূৰ্তত মই মনে মনেই থাকো । য’ত ধমকি দিব লাগে দিওঁ, য’ত উচিত প্ৰত্যুত্তৰ দিব লাগে দিওঁ ।  তাইৰ মনোভাৱ মোৰ আয়ত্বলৈ আহি আছে, মই বেছি ধনী হৈ গৈ আছো । মোৰ ধৈৰ্য্য গুণ বাঢ়িছে, মই (তাইৰ কাষত) গুণটোও বিয়পিছে । মই শক্তিশালী গল্পকাৰ হ’বলৈও মোৰ অনুভৱী হৃদয়খনে হাহাঁকাৰ কৰি উঠিছে…. অভিজ্ঞতাৰ অমূল্য ৰেঙনি তাইক মোক দান কৰাৰ বাবে মই তাইৰ অগোচৰে ধন্যবাদ এটা দি আঁতৰি আহিছো ক্ৰমান্বয়ে ৷
বিশ্বাসৰ আলি দোমোজাত সপোনৰ কামনাৰ সুবিধাত তাইৰ দুহাতত মই মুকলি অাকাশৰ কোমল ফুলপাহীয়ে পিষ্ট নহওঁ বুলি মই মোৰ সৌৰভ বিলাবলৈ সঞ্চিত সুধাখিনি সাধ্যলৈ তুলি ধৰিলো বতাহত ৷ সমাজৰ বিৰুদ্ধে, এজন বিবাহিত চল্লিছ বছৰীয়া পত্নী লাভ নকৰিবৰ বাবে মই সাবধান হ’লো ভৱিষ্যতৰ দিনৰ বাবে । 

দূৰভাষঃ ৭০০২১৯৪৩৯৪