মৰমৰ বংশিকা,
বাৰিষা নৈৰ বাঢ়নী পানীৰ দুৰন্ত সোঁতৰ লেখীয়া মোৰ হৃদয়ত প্ৰেমৰ জোৱাৰ নামিছে ৷ তুমি আজিও কুশলে আছা চাগে! তোমাৰ পদুমফুলীয়া হাঁহিটি আজিও মোৰ দুচকুত ভাহি থাকে ৷ তেতিয়া মই ক'ব নোৱাৰাকৈ আত্মহাৰা হৈ পৰো ৷ তোমাক লগত লৈ কিমান যে পুণ্যস্থান ভ্ৰমিলো; হয়তো আমি দুয়োৱে নেদেখাজনৰ ওচৰত সেৱা জনাইছিলো যাতে ইজনে আনজনৰ সংগী হ'ব পাৰো ৷ বাৰু ! মনত আছেনে তোমাৰ আমি যে এবাৰ গুৱাহাটীৰ চিৰিয়াখানা চাবলৈ যাওঁতে আইচক্ৰীম খাইছিলো ৷ এটা আইচক্ৰীম কিনি তুমি খোৱাটোকে মইও খাইছিলো ৷ ঘৃণা ভাব মুঠেই নাছিল; মাথো আনন্দ প্ৰৱাহমান আছিল ৷ আমাৰ প্ৰেমৰ গভীৰতাত বেয়াবোৰ ক্ৰমশঃ হেৰাই যাব ধৰিছিল ৷ হঠাৎ আইচক্ৰীমৰ চেকাবোৰে যেতিয়া তোমাৰ ধুনীয়া চুৰিদাৰৰ কিছু অংশ লেতেৰা কৰিছিল; তোমাৰ ভিতৰি ভিতৰি খং আৰু অভিমান জাগিছিল ৷ কলীয়া মেঘ সদৃশ তোমাৰ ওন্দোলা মুখনি চাইও মোৰ সাংঘাটিক ভাল লাগে ৷ এনেয়ে কৈছো দিয়া! তোমাৰ বেয়া লগাবোৰ মোৰ কেতিয়াও ভাল লাগিব নোৱাৰে ৷ তুমি বেকাৰ চিন্তা নকৰিবা ৷ তুমি কৈছিলা যে আইচক্ৰীম তোমাৰ বিৰাটেই প্ৰিয়; মোকতকৈও প্ৰিয়নে সোধাত তুমি দেখোন একো নক'লা; নিমাত আছিলা; কিয় ? মোৰ ভালকৈ মনত আছে তুমি যে মোক প্ৰশ্ন কৰিছিলা- "এই জীৱবোৰে কিয় বন্দিত্বৰ মাজেৰে জীৱন কটাবলৈ লৈছে? আমাৰ দৰেতো ইহঁতৰো মুকলিমূৰীয়া মন এটি আছে ! তেন্তে কিয় ?" মই ভাবিছিলো তেতিয়া তুমি সততা আৰু সহানুভূতিশীল গুণৰ অধিকাৰী আছিলা ৷ কাৰোবাক জীয়াই থকাৰ ক্ষেত্ৰত কোনে বাৰু বাধা দিব পাৰে ! মই ভবাবোৰ ভুল আছিল; ইমানেই ভুল আছিল যে তুমি আঁতৰি যোৱা একুৰি বছৰ পাৰ হোৱাৰ পিছতো মই তোমাক মুঠেই পাহৰিব পৰা নাই ৷ হয়তো এয়াই তোমাৰ প্ৰতি থকা মোৰ নিভাঁজ বিশ্বাস আৰু প্ৰেম- ভালপোৱা ৷ মই আজিও সংগীবিহীন; য'তেই যাৰ লগতেই আছা তুমি সদায় সুখ আৰু শান্তিৰে জীয়াই থাকা ৷
ইতি
তোমাৰ অভাগা প্ৰেমিক
ঠিকনাঃ নলবাৰী








