নিয়ৰ ( ধৰ্মেন্দ্ৰ নাথ)

(তিনিটা স্তৱকঃ)

(১)
শীতল সেমেকা ৰাতি
ডাৱৰ ফালি আহি
পৰিলা টোপা টোপ কৰি
ভূ- মণ্ডলৰ বুকুত !

(২)
দূবৰিত পৰা টোপাল টোপাল নিয়ৰে
ৰাতিপুৱাৰ কোমল ৰ'দালি পাই
নিয়ৰৰ টোপাল জিলিকি উঠে !

(৩)
হিম যেন চেঁচা
শীতল এই নিশা
নিয়ৰে সাৰ পায়
আহিলে শৰতৰ বতৰাঃ !

দূৰভাষঃ ৭০৩৫০৮১৬৮৬