টেকন'লজি ক্ষেত্ৰত এৰাব নোৱাৰা এক যান্ত্ৰিক আহিলা "কম্পিউটাৰ" (জয়ন্ত চাংমাই)

বৰ্তমান আমি বাস কৰা বিশ্বত তথ্য- প্ৰযুক্তি দেশ । গতিকে আমি ব্যৱহাৰ কৰা এবিধ যান্ত্ৰিক আহিলা হ'ল কম্পিউটাৰ । কম্পিউটাৰৰ অসমীয়া প্ৰতিশব্দ হৈছে 'পৰিকলন যন্ত্ৰ'। ইংৰাজী ভাষাৰ 'কম্পিউটাৰ' শব্দটো আহিছে লেটিন শব্দ। 'কম্পিউটে'ৰ পৰা; যাৰ অৰ্থ হৈছে গণনা। আমাৰ দৈনন্দিন ব্যৱহাৰিক জীৱনত বিভিন্ন প্ৰকাৰৰ তথ্যৰ কাৰণে আমি কম্পিউটাৰৰ ওপৰত নিৰ্ভৰ কৰো। শিক্ষা ক্ষেত্ৰত, চাকৰী ক্ষেত্ৰত, বেংক, উৎপাদিত সামগ্ৰী, গৱেষণা আদি বিষয়ে জানিবলৈ ব্যৱহাৰ কৰা হয়। সাম্প্ৰতিক যুগত যদি কম্পিউটাৰ নাথাকিলেহেঁতেন কি অৱস্থা হ'লহেঁতেন এবাৰ কথাটো আপুনি ভাবি চাইছে নে বাৰু ? আজিকালি চৰকাৰী কাৰ্যালয়, চিঠি- পত্ৰ আৰু মেমো (Memos) প্ৰস্তুত কৰিবলৈ, দৰমহা আদায় দিবলৈ, হিচাপ- নিকাচৰ ক্ষেত্ৰত প্ৰায়ে কম্পিউটাৰ ব্যৱহাৰ দেখা যায় । আমোদ- প্ৰমোদ হিচাপেও কম্পিউটাৰ ব্যৱহাৰ কৰা হয় । গেম খেলিব পাৰে, গান শুনিব পাৰে, চিনেমা চাব পাৰে, ছবি আঁকিব পাৰে, কিতাপ পঢ়িব পাৰে, ফটো এডিটিং কৰিব পাৰে, ইণ্টাৰনেটত প্ৰৱেশ কৰিব পাৰে, ডিটিপি কৰিব পাৰে এই সকলোবোৰ কম্পিউটাৰ মাধ্যমত কৰা হয় ৷ কম্পিউটাৰ হ'ল এটা ইলেকট্ৰ'নিক মেচিন ব্যৱহাৰকাৰীয়ে দিয়া আদেশ কেনেদৰে নিয়ন্ত্ৰণ কৰিব, সেইটো তাৰ মেমৰি (Memory)ত জমা থাকে । ই ডাটা (Data/input) গ্ৰহণ কৰিব পাৰে । তাৰ পাছত আহে ফলাফল (Result output) কম্পিউটাৰত যি প্ৰণালীত কাম কৰে, তাক ইনপুত (input) বুলি কোৱা হয়। আউটপুট (output) আনহাতে তথ্য (Data) প্ৰেৰণ কৰা পাছত যি ফলাফল ওলায় তাকে output বুলি কোৱা হয়। কম্পিউটাৰ দুটা ভাগত বিভক্ত- ছফটৱে (Software)ৰ আৰু হাৰ্ডৱেৰ (Hardware)।
Software দুটা ভাগ হ'ল --- Operating system (OS) অপাৰেটিং ছিষ্টেম আৰু Application Software এপলিকেচন ছফটৱেৰ । কম্পিউটাই  ০ আৰু ১ ৰ বাহিৰে আন একো বুজি নাপায়। গাণিতিক বা সাংখ্যিকীয় দৰ্শন (Numerical Logic) কম্পিউটাৰ বিজ্ঞানৰ এক গুৰুত্বপূৰ্ণ আধাৰ ৷ কম্পিউটাৰক দিয়া সকলোবিলাক তথ্য বা নিদেৰ্শক ই তৎমুহূৰ্ততে '০' আৰু '১' ৰ কিছুমান সজ্জালৈ পৰিৱৰ্তন কৰি লয় আৰু মেমৰিত জমা কৰি ৰাখিব লগাখিনিও সেই ৰূপতে জমা কৰি ৰাখে ৷

কম্পিউটাৰৰ উদ্ভৱঃ
প্ৰথম উদ্ভৱঃ  ১৯৫১ চনত প্ৰথম কম্পিউটাৰৰ উদ্ভৱ হয় ৷ UNIVAC I  নামৰ । ইয়াত ব্যৱহাৰ কৰা হৈছিল 'ভেকিউম টিউৱ Vacum Tube আৰু ইয়াৰ মেমৰী তৈয়াৰ কৰা হৈছিল মাৰকিউৰী Mercury ভৰোৱা সৰু টিউব আৰু চৌম্বকীয় ড্ৰামৰ সহায়ত ৷

দ্বিতীয় উদ্ভৱঃ ১৯৫২ চনৰ শেষ ভাগতে কম্পিউটাৰ দ্বিতীয় উদ্ভৱকাল হিচাপে ধৰা হয় ৷ মেমৰিৰ কাৰণে ব্যৱহাৰ হয় ৷  টাঞ্জিষ্টৰ Transistors যুক্ত টিউব আৰু চৌম্বকীয় IBM 1401, Honey well 800 এই কম্পিউটাৰ আগৰ তুলনাত আকাৰত সৰু আছিল আৰু উন্নত মানৰো আছিল ৷

তৃতীয় উদ্ভৱঃ ১৯৬০ দশকৰ মধ্যৱৰ্তী সময়ত কম্পিউটাৰ তৃতীয় উদ্ভৱকাল আৰম্ভ হয় ৷ পোন প্ৰথমবাৰৰ বাবে পূৰ্ণ ৰূপে বিদ্যুৎ প্ৰৱাহৰ গতিপথ ব্যৱহাত হৈছিল ৷ IBM 360, CDC 6400 সৰু আকাৰ উচ্চ ক্ষমতা সম্পন্ন Programming languages ব্যৱহাৰ হৈছিল ৷

চৰ্তুথ উদ্ভৱঃ ১৯৭০ দশকৰ মধ্যভাগত কম্পিউটাৰৰ চৰ্তুথ উদ্ভৱ আৰম্ভ হয় ৷ এই সময়তে আমাৰ কম্পিউটাৰ সম্পূৰ্ণভাৱে চিপচ Chips ৰ দ্বাৰা নিৰ্মাণ কৰিছিল। ইয়াৰ পৰাই উৎপন্ন হয় Microprocessor/ MS আৰু Personal Computer (PC) কম্পিউটাৰৰ সংস্পৰ্শত থকা বহুত মানুহৰ কাৰণে এই প্ৰথমবাৰৰ বাবে Query language আৰু Report writer আৰু Spread Sheets প্ৰযুক্তি আহে ৷
Personal Computer  (PC) IBMPC আৰু Apple Macintosh ১৯৮৪ চনত Apple কম্পিউটাৰে বজাৰত লৈ আহিছিল । Macintosh (মেকইনটোশ)। Notebook কম্পিউটাৰ লেপটপ (Laptop) নামেৰে পৰিচিত ৷ এই কম্পিউটাৰ আকাৰত সৰু পাতল আৰু সহজে এঠাইৰ পৰা আন এঠাইলৈ যাব পাৰি । প্ৰত্যেক কম্পিউটাৰে ছিষ্টেম System Unit ইউনিট থাকে । এইটো CPU বুলিও কয় । Central Processing Unit মাদাৰ বৰ্ড Mother Board মাদাৰ বৰ্ড মেইন বৰ্ড বা ছিষ্টেম বৰ্ড বুলিও কোৱা হয় ৷

Computer Mother board ত থকা গুৰুত্বপূৰ্ণ অংশবোৰ হ'ল-
* RAM (Random Access Memory)-
ইয়াৰ পৰা পঢ়িব পাৰি আৰু ইয়াৰ ওপৰত লিখিবলৈ পাৰি । যেতিয়া বৈদ্যুতিক সংযোগত কম্পিউটাৰ চালিত হয়, তেতিয়া হাৰ্ড ডিক্সৰ দ্ধাৰা নিয়ন্ত্ৰিত কিছুমান ফাইল RAM ত আছে ৷

* ROM (Read Only Memory)-
ইয়াত থকা কোনো তথ্য সাল- সলনি কৰিব নোৱাৰি ৷ ই অস্থিৰ ৷ কম্পিউটাৰ বন্ধ হৈ যোৱা পাছত ইয়াৰ যোগাযোগ হেৰাই নাযায় ৷

* BUS তিনিটা প্ৰধান ভাগ আছে- Data bus, Address bus, আৰু Control bus, Processor-
ই সকলোবোৰ কাৰ্যকলাপৰ গুৰি ধৰোঁতা
 ইয়াক কম্পিউটাৰ মগজু বুলিও কোৱা হয় ৷
Intel Pentium, Dual core, Intel core 2, AMD, Intel core i3, Intel core i5, Intel core i7, AMD Atholn আদিবোৰ হৈছে Processor
CMOS Memory- (Complementary Metal Oxide Semiconductor), RTC Circuits (Real Time Clock), BIOS (Basic Input Output System), Expansion Solts আদি।

*Software ভিতৰত আমি সাধাৰণতে ব্যৱহাৰ কৰা Application Software বোৰ হ'ল -
MS Word, MS Excel, MS PowerPoint, MS Access, MS Front page, Photoshop, VLC, Windows Media player, Tally আদি একো একোটা Software আনহাতে System Software হ'ল -(OS- Operating System) MS- DOS, WINDOWS, Linux, UNIX, Mac আদি একো একোটা System Software.

Application Software ৰ দুটামান আমি প্ৰায়ে ব্যৱহাৰ কৰা Software হ'ল-
MS Word: MS Word ৰ সম্পূৰ্ণ নাম হ'ল Microsoft Word এটা word processing proggram যাৰ সহায়ত আমি চিঠি, ৰিজউম (Resume), ৰিপোৰ্ট (Report), Document editing, Table আৰু Graphics, বৰ্ডাৰ দিব পাৰো, চেভিং কৰি থব পাৰো, ছবি আৰু ৱেব এড্ৰেচ (Web address) ত আমি ডকুমেন্টত অৰ্ন্তভুক্ত কৰিব পাৰো ৷ word ত আপোনাৰ যদি বাক্য বিন্যাস (Syntax) টাইপ কৰোতে যদি ভুল হয় তেন্তে ইয়াক ততালিকে শুদ্ধৰাই ল'ব পাৰি ৷

MS Excel: MS Excel ৰ সম্পূৰ্ণ নাম হ'ল Microsoft Excel ই Powerful Sprad Sheet Program যি আপোনাক ডাটা ব্যৱহাৰ কৰিবলৈ, হিচাপ- নিকাচ কৰিবলৈ, নিৰ্ণয় পাবলৈ, গ্ৰাফ প্ৰোফেছন দেখিব পৰা ৰিৰ্পোট তৈয়াৰ কৰিবলৈ আদি । ইয়াৰ চাৰিটা ডাঙৰ ভাগ থাকে- ৱৰ্কশ্বীট (Worksheet), চাটচ (Charts), ডাটাবেচ (Database), ৱেব চাপোৰ্ট (Websupprot).

MS PowerPoint : Microsoft PowerPoint এটা সম্পূৰ্ণ Presentation Graphic Proggram যাৰ সহায়ত আপোনি Professional প্ৰেজেন্টেশন বনাব পাৰে। Powerpoint Presentation ক Slide Show ৰূপেও জনা যায় । পাৱাৰ পইণ্টত বিভিন্ন প্ৰকাৰ আকৃতি থাকে যিয়ে Slide Show সহজ কৰি লোৱাত সহায় কৰে ৷

কম্পিউটাৰ ইয়াৰ কাৰিকৰী পৰিসৰ ইমানেই বহল যে শিকি সহজে শেষ কৰিব নোৱাৰি ৷ এতিয়া আহিছো কম্পিউটাৰ ভাইৰাছৰ কথা অলপমান বহলাই আলোচনা কৰিবলৈ ৷
প্ৰশ্ন হ'ল কম্পিউটাৰ ভাইৰাছ কি ?

কম্পিউটাৰ এটাত অসুবিধা সৃষ্টি অকল ভাইৰাছেই নকৰে, তাৰ বাবে জগৰীয়া আন কেইটামান কাৰক হৈছে ট্ৰ’জান হৰ্ছ (Trojan horses), ৱৰ্ম (Worm), ৰূটকিট (Rootkit), স্পাইৱেৰ (Spyware) ইত্যাদি ৷ এই সকলোবোৰ কাৰককে সাধাৰণ মানুহে ভাইৰাছ বুলিয়ে জানে যদিও তথ্য প্ৰযুক্তি বিজ্ঞানত ইয়াক “মেলৱেৰ” (Malware) বুলিহে জনা যায় । মেলৱেৰ শব্দটো হৈছে মিলিচিয়াছ ছফটৱেৰ (Malicious Software) শব্দ দুটাৰ ক্ষুদ্ৰ ৰূপ যাৰ অৰ্থ হ’ল কম্পিউটাৰত বিশৃংখলাৰ সৃষ্টি কৰিবলৈ হেকাৰসকলে তৈয়াৰ কৰা কিছুমান কম্পিউটাৰ প্ৰ’গ্ৰাম । জন ভন নিউমেনে কম্পিউটাৰ ভাইৰাছৰ বিষয়ে প্ৰথমে বিশ্বক অৱগত কৰায় । ১৯৪৯ চনত ইলিঅ’ন্স বিশ্ববিদ্যালয়ত Theory and Organization of Complicated Automata ৰ ওপৰত দিয়া এটা ভাষণত তেওঁ “নিজকে পুনঃ পুনঃ সৃষ্টি কৰিব পৰা কম্পিউটাৰ প্ৰ’গ্ৰাম” এটা কেনেকৈ সাজি উলিয়াব পৰি তাৰ ওপৰত বক্তব্য আগবঢ়াইছিল । ১৯৮৪ চনত দক্ষিণ কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ত অৰ্পণ কৰা গৱেষণা পত্ৰ Computer Viruses – Theory and Experiments ত ফ্ৰেড ক’হেনে প্ৰথম ভাইৰাছ শব্দটো ব্যৱহাৰ কৰে ৷ আজিৰ তাৰিখত ভাইৰাছ বা মেলৱেৰ ব্যৱহাৰৰ মূল উদ্দেশ্য হ’ল কাৰোবাৰ লাভৰ কাৰণে আন এজনৰ ব্যক্তিগত বা ব্যৱসায়িক তথ্য চুৰি কৰা আৰু চৰকাৰী নাইবা আন কোনো কৰ্প’ৰেট ৱেবছাইটত বিশেষ সুৰক্ষাৰে সংৰক্ষিত থকা তথ্য চুৰি নাইবা নষ্ট কৰি পেলোৱা । এই উদ্দেশ্যৰে সৃষ্টি কৰা বহু ভাইৰাছ, ট্ৰ’জান হৰ্ছ বা ৱৰ্ম আদিয়ে ইন্টাৰনেটৰ সহায়ত বিয়পি পৰি সাধাৰণ কম্পিউটাৰ ব্যৱহাৰকাৰী সকলৰ যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে ৷ পৃথিৱীৰ প্ৰথম কম্পিউটাৰ ভাইৰাছটোৰ নাম হ’ল ক্ৰিপাৰ (Creeper) । বব থমাছ নামৰ মানুহ এজনে বি বি এন টেকন’লজিছ (BBN Technologies) ক’ম্পেনীটোত ইয়াক সাজি উলিয়াইছিল । ক্ৰিপাৰ আচলতে এটা পৰীক্ষামূলকভাৱে তৈয়াৰ কৰা কম্পিউটাৰ প্ৰ’গ্ৰাম যাৰ উদ্দেশ্য আছিল ARPANET ত থকা DEC PDP-10 কম্পিউটাৰ বিলাকক আক্ৰান্ত কৰা। ই ARPANET ত সোমাইআন আন কম্পিউটাৰত নিজৰে কিছুমান প্ৰতিলিপিৰ সৃষ্টি কৰিছিল । আমোদজনক কথাটো হ’ল MS- DOS অপাৰেটিং ছিষ্টেমৰ প্ৰথম ভাইৰাছ সৃষ্টি কৰিছিল দুজন পাকিস্তানী ভাই ককাইয়ে লগ লাগি ১৯৮৬ চনত । বাছিত ফাৰুক আলিভ আৰু আমজাদ ফাৰুক আলিভ নামৰ লোক দুজনে তেওঁলোকে সজা মেডিকেল চফটৱেৰ এটাক পাইৰেছীৰ পৰা বচাবলৈ “ব্ৰেইন” নামৰ এই ভাইৰাছটো তৈয়াৰ কৰি উলিয়াইছিল । তেওঁলোকৰ কোনো বেয়া উদ্দেশ্য অৱশ্যে নাছিল। “ব্ৰেইন”এ IBM কম্পিউটাৰৰ ফ্লপী এখনত আক্ৰমণ কৰি ইয়াৰ বুট ছেক্টৰত থকা ক’ড সমূহ সলনি কৰি পেলাইছিল আৰু ফ্লপীৰ সহায়তে এটাৰপৰা আনটো কম্পিউটাৰত বিয়পি পৰিছিল ।   কম্পিউটাৰত সন্ত্ৰাসৰ সৃষ্টি কৰা এই মেলৱেৰ বা ভাইৰাছ সমূহ আচলতে কিছুমান কম্পিউটাৰ প্ৰ’গ্ৰেমহে. যিবিলাক আমি সাধাৰণতে ব্যৱহাৰ কৰি থকা চফটৱেৰ বিলাকৰ নিচিনাই আন কিছুমান চফটৱেৰ বা প্ৰ’গ্ৰাম । হেকাৰ বিলাকে সাধাৰণতে ট্ৰ’জান হৰ্ছৰ সহায়ত ৰিমোট কম্পিউটাৰ এটা আক্ৰমণ কৰে । ট্ৰ’জান হৰ্ছৰ সহায়ত কম্পিউটাৰটোৰ গৰাকীয়ে নজনাকৈয়ে তাৰ পৰা বিভিন্ন তথ্য ডাউনল’ড কৰাৰ উপৰিও যিকোনো ছফটৱেৰ ইনষ্টল কৰাৰ পৰা আদি কৰি অনলাইন ধন সৰবৰাহ পৰ্য্যন্ত কৰিব পাৰি । কিন্তু এই ট্ৰ’জানবোৰ কোনো এটা কম্পিউটাৰত এবাৰ ইনষ্টল কৰি লোৱাৰ পাছত তাক লুকুৱাই ৰাখিবলৈ আন এবিধ ভাইৰাছ ব্যৱহাৰ কৰা হয় যাৰ নাম “ৰূটকিট”। কম্পিউটাৰ এটা চলি থাকিলে কিছুমান পদ্ধতিৰে ইয়াৰ ভিতৰত চলি থকা প্ৰক্ৰিয়া সমূহৰ বিষয়ে জানিব পৰা যায়, তাৰ ভিতৰত এটা হ’ল ‘প্ৰ’চেছ লিষ্ট’ (Process list) চোৱা । কিন্তু ৰূটকিটৰ সহায়ত অপাৰেটিং চিষ্টেমৰ সালসলনি ঘটাই নিজৰ পছন্দ অনুসৰি প্ৰক্ৰিয়া এটাক বা কেইটামানক কম্পিউটাৰৰ ‘প্ৰ’চেছ লিষ্ট’ৰ পৰা লুকুৱাই ৰাখিব পাৰি। হেকাৰ এজনে কম্পিউটাৰ এটাত ট্ৰ’জান হৰ্ছ এটা এৰি দিয়াৰ পাছত তাৰ গতি ধৰিব নোৱাৰাকৈ পিছে পিছে ৰূটকিট এটাও এৰি দিয়ে । আন এবিধ ভাইৰাছ হৈছে “ৱৰ্ম” যিয়ে আন কাৰোবাক ক্ষতি কৰাৰ সলনি নিজকে নিজে যিমান পাৰে বেছিকৈ সৃষ্টি কৰাতহে গুৰুত্ব দিয়ে । ইয়াৰ ফলত ক্ষতিগ্ৰস্ত হয় কম্পিউটাৰৰ তথ্যৰ সৰবৰাহত যথেষ্ট অসুবিধাৰ সৃষ্টি কৰে। কম্পিউটাৰ ভাইৰাছৰ বিৰুদ্ধে ল’ব লগা সাধাৰণ নিৰাপত্তা খিনি ল’লেই এই সমস্যাৰ পৰা মুক্তি পাব পাৰি ৷

ভাইৰাছৰ পৰা হাত সাৰিবলৈ আটাইতকৈ উত্তম উপায় হৈছে কম্পিউটাৰত এটা ভাল এণ্টিভাইৰাছ ছফটৱেৰ ইনষ্টল কৰি ৰখা । আজিকালি বজাৰত বহুতো এণ্টিভাইৰাছ ছফটৱেৰ কিনিবলৈ পোৱা যায়। সাধাৰণ আৰু মধ্যমীয়া ব্যৱহাৰৰ বাবে যিকোনো এণ্টিভাইৰাছেই উপযুক্ত । যি এণ্টিভাইৰাছৰে  ব্যৱহাৰ নকৰক । কিন্তু ইয়াক নিতৌ আপ- টু- ডেট (Up- to- date) কৰি ৰাখিব লাগে ৷

ঠিকনাঃ লেঙেৰী শিল পৰা গাওঁ ৷
জিলাঃ ডিব্ৰুগড়
দূৰভাষঃ ৭০০২০১২১৩১