ফুটপাথত এৰাতি (প্ৰিয়াংশু প্ৰাঞ্জল)

তৰাজান জিৰণি চ'ৰা" যোৰহাটৰ মাজমজিয়া । ব্যস্ত নগৰী এতিয়া শুই পৰিছে । মাজে মাজে তীব্ৰ বেগেৰে অহা- যোৱা কৰিছে এখন দুখন নৈশ বাছ । এচামে দিনৰ ভাগৰুৱা দেহা শুৱাই দিছে বিলাসী ডিভানত আৰু এচামে জীয়াই থকা তাড়নাত অলিয়ে গলিয়ে ফুটপাথত বিচাৰি ফুৰিছে পেটৰ কলকলনি মাৰিব পৰাকৈ এমুঠি অন্ন । সেইসকলৰ একমাত্র ভৰসা ডাষ্টবিনটো ৷
- মা মা মোৰ বৰ ভোক লাগিছে মাকৰ আচলত কামুৰি কণমানিটোৱে থেনথেনাই আছে ৷ আজি দিনটো পানী এটুপিয়ো পেটত পৰা নাই ৷ এতিয়া নিশা দুপৰ হ'ল । মাকে ডাষ্টবিনত বিচাৰি আছে কণমানিটোৰ পেটৰ পূৰণি মাৰিব পৰাকৈ কিবা এটা । শেষত পাইছিল এটুকুৰা ৰুটি.... তাতো দানৱ পৰাদি পৰি আছিল পৰুৱাবোৰ । পৰুৱাবোৰ মুহাৰি পুতেকৰ মুখত গুজি দিছিল..... পৰম তৃপ্তিৰ হাঁহি বিৰিঙিছিল ।
- মা মা ঠাণ্ডা লাগিছে পুহমহীয়া জাৰ, নিয়ৰ কণাই ভিজাই তুলিছে মাক পুতেকৰ দেহা । তথাপিও পুতেকৰ ঠাণ্ডা অনুভৱ কৰি দেহৰ মলিয়ন চাদৰখনে পুতেকক মেৰিয়াই নিজে পৰিধান কৰিছিল নগ্নতাৰ সাজজোৰ।

ঠিকনাঃ বোকাখাত