প্ৰাগজ্যোতিকাৰ গান (অশ্বিনী ফুকন)

(১)
সখী ঐ, সেন্দূৰ ওলমা আহিনৰ পথাৰখনে
যদি মোক কৈ যায়-
'মোৰে শপত সপোন বুটলি বকুল নুশুঙিবা'
তুমি বুকু ঢকিয়াই ক'বা
সপোনৰ জৰীডালতেই গাঁঠিম বকুলৰ মালাধাৰি ৷ (জয় পৰা ফুলক জীয়াই তুলে উশাহে)

(২)
দোৰোণ এডালিৰ গোটাচেৰেক
সেউজীয়াত হামিয়াই শুই থকা এটোপাল নিয়ৰে
যেতিয়া টোপ টোপকৈ সৰি স্মৃতি উকলিয়াব,
সখী, তুমি পলসুৱা পথাৰৰ মাজখাল মাটিডৰাত
পানী ফালি মূৰ দঙা
গৰৈ মাছৰ পোনাজাকৰ হাবিয়াস বৰ্ণাবা ৷ (সিহঁতৰ যেন নাহৰ পাতক আলিংগন কৰা মেটমৰা হেঁপাহ)

(৩)
জাকৈয়া ছোৱালীহঁত সপোনৰ পিছে পিছে দৌৰিছে (সপোন আজুৰিবলৈ ৰুদ্ৰমূৰ্তি ধৰিছে)
লৰক- ফৰক বুকুখন গাঢ় হৈ পৰিছে,
বতাহে কোবাইছে শৰালিৰ ডেউকাত,
শৰালিয়ে ৰুইছে ঘন ঘন শইচ ৷

(৪)
ধলপুৱাতে শ্যামলী হৈ,
পশ্চ্যাৎ শ্যামলী হালধীয়া হৈ,
ক্ৰমে তেউ- হালধীয়া হৈ,
শেষান্তৰ সোনৰ পানীত ডুবি ককবকাই থকা
সোন পৰুৱা হৈ ৷

(৫)
সখী ঐ,
ধানো ওলাল
পটানো ওলাল,
সপোনবোৰ ৰঙা হৈ ফুলিছে,
ৰংবোৰ বতাহ হৈ উৰিছে।
(প্ৰসংগক্ৰমে- নাহৰৰ পাতে পাতে মলয়াই চুমা যাঁচে)

(৬)
সখী, দিখৌৰ চৈ দিয়া গাড়ীখনে
বোকা ফালি যেনেদৰে আহে,
জাৰ গুটি জুইৰ সেক পায় যেনেদৰে জামৰে,
কেটাইজেঙেৰীয়া বেথাবোৰ সপোনৰ খচামিত
ভাঙি- ছিঙি মুহুদি হ'ল,
ক্ৰমশঃ সপোনৰ পিছত সপোন পোখাইছে বুকুত,
ওঁঠত আৰু
আকৌ বুকুত ৷

ঠিকনাঃ তিতাবৰ, যোৰহাট
দূৰভাষঃ ৯১২৬৫৬৬৬৯৪