এজাক বৰষুণ (মিৰাজ জুলফিক্কাৰ ৰেহমান)

এজাক বৰষুণৰ অপেক্ষাত ৰৈ আছো,
বৰষুণ জাক আহিলে
মোক আঁৱৰি ধৰা মেঘবোৰ আঁতৰি যাব
বিষাদেৰে ভৰি থকা মোৰ মনটো
জীপাল হৈ উঠিব ৷

এজাক বৰষুণৰ অপেক্ষাত
বৰষুণ জাক আহিলে
মই মুক্ত মনেৰে
বিচৰণ কৰিব পাৰিম ৷
আৰু আন্ধাৰে আঁৱৰি ধৰা মোৰ মনটো
নতুন পোহৰেৰে আলোকিত হ'ব ৷
মাথো
এজাক বৰষুণৰ অপেক্ষাত.....