তুমি মোৰ বুকুৰ অাপোন (পূঁজা কোঁৱৰ)

অ' মোৰ সোণ
মোৰ হিয়াৰ অাপোন,
অভিমানবোৰ কিয় কৰা ইমান
এবাৰ হাঁহি দিয়া চোন ৷

এতিয়াতো মই তোমাৰ বুকুতে উদযাপন কৰো,
মোৰ অনুভৱৰ প্ৰত্যেকটো প্ৰেমৰ উৎসৱ ৷

অাৰু তোমাৰ দুচকুতেই বিচাৰি ফুৰো
এসাগৰ ৰঙীন ফাগুন ৷

উশাহবোৰ মাথো তোমাৰ নামত
তুমি তুমি লগা মোৰ প্ৰতিতো সপোন ৷

তুমিয়েই মোৰ জীৱন নদী
সুখৰ মোহনা তুমি মোৰ ৷

ঠিকনাঃ শিৱসাগৰ, অসম