প্ৰাৰ্থক্য (ৰাজু কলিতা)

(১)
সাগৰতকৈ নদীয়েই ভাল
শিলে শিলে বৈ যায় আৱেগৰ হেঙুল হাইতাল ৷

(২)
ফুলি থকা ফুলতকৈ সৰাপাতেই ভাল
নাভাঙে ডাল, নিছিগে ছাল ৷

(৩)
বৰ্তমানতকৈ অতীতেই ভাল
নাই মায়াৰ জাল, নহয় জঞ্জাল ৷

(৪)
ৰঙীণ পখিলাতকৈ জিঞাবোৰেই ভাল
জাকি মাৰি ভৰি পৰে আবেলিৰ চোতাল ৷

(৫)
মিছা অপবাদতকৈ অপ্ৰিয় সত্যই ভাল
লাজত ৰঙা পৰা দুগাল, কফিনৰ অন্তিম গজাল ৷

(৬)
দুখৰ গভীৰতাতকৈ সাগৰৰ গভীৰতাই ভাল
মাজ নিশাও সৰে চকুলোৰ টুপাল,
জীৱন হয় কংকাল ৷

(৭)
বাস্তৱকৈ সপোনেই ভাল
হেৰুৱাৰ বেদনা নহয় কাল ৷

ঠিকনাঃ দোৰপাং