শৰতৰ কবিতা (মাহমুদুল হাচান)

(এক)
এতিয়া দূপৰ নিশা...
মোৰ ভঙা পঁজাৰ উৰখা চালে
কিয় জানো কান্দিছে নীৰৱে
কেঁচা মজিয়াৰ সেমেকা বুকুত
টোপাটোপে চকুলো সৰিছে ৷
ভাবিলো
মোৰ জীৱনৰ ভগ্ন সপোন দেখি
কান্দিছে সি নীৰৱে- নিতালে,
বেৰৰ জলঙাৰে বাহিৰলৈ চাই দেখিলো
পৃথিৱীত নিয়ৰ সৰিছে ৷

(দুই)
যোৱাৰাতি মোৰ বুকুত
বৰষা নমাদি নিয়ৰৰ ঢল নামিছিল ৷
জেকা মাটিৰ দৰে মোৰ জীপাল বুকুত
হাতখনি বুলাই পালো
শুকুলা সাজেৰে
এসোপা শেৱালি ফুল ৷

কান্দিম নে হাঁহিম ?

কুঁৱলী সূতাৰ ৰিহাখনি পিন্ধি
শৰত যে আকৌ আহিল ৷

ঠিকনাঃ খন্দিকৰ