আজি আৰু তেওঁ আপোনাৰ প্ৰেমত উন্মাদ নহয়,
আজি আৰু তেওঁ ৰৈ নাথাকে
গোপালৰ দোকানৰ চাহৰ সোৱাদ ল'বলৈ,
উম ! তেওঁৰ এদিন আকাশ আছিল
আজি আৰু নাই ৷
আকাশত নীলা চৰাই হৈ উৰিছিল তেওঁ
আৰু আপুনি...
আপুনি তেওঁৰ ডেউকা আছিল
দুয়ো উৰি গৈছিল
দূৰ
দূৰ আৰু
দূৰ... বহু দূৰ,
আপুনিটো অন্যৰ দেশলৈ গুচি গৈছিল
আৰু তেওঁ সৰি পৰিছিল
বহুপৰ ধৰফৰাই আছিল,
কিছু পিছত উঠি বহিছিল
আকৌ উৰিছিল,
কিন্তু এইবাৰ নাছিল আপোনাৰ নামৰ ডেউকা ।
যদিওবা তেওঁ প্ৰৱঞ্চনাৰ ৰাগিত মাতাল হৈ পৰিছিল
তথাপিও তেওঁ গোৱা নাছিল বিচ্ছেদৰ গীত
মাথোঁ যোৱাকালি মোক আগবঢ়াই দিছিল
বিচ্ছেদৰ কেইটোপালমান পানী ৷
আৰু কৈছিল
"হৃদয়ৰ পৰা হৃদয় গ'ল থাকিল শূন্য
শূন্য
আৰু মাথো শূন্য ।"
☎ ৯৭০৬১৮৩২২৪
আজি আৰু তেওঁ ৰৈ নাথাকে
গোপালৰ দোকানৰ চাহৰ সোৱাদ ল'বলৈ,
উম ! তেওঁৰ এদিন আকাশ আছিল
আজি আৰু নাই ৷
আকাশত নীলা চৰাই হৈ উৰিছিল তেওঁ
আৰু আপুনি...
আপুনি তেওঁৰ ডেউকা আছিল
দুয়ো উৰি গৈছিল
দূৰ
দূৰ আৰু
দূৰ... বহু দূৰ,
আপুনিটো অন্যৰ দেশলৈ গুচি গৈছিল
আৰু তেওঁ সৰি পৰিছিল
বহুপৰ ধৰফৰাই আছিল,
কিছু পিছত উঠি বহিছিল
আকৌ উৰিছিল,
কিন্তু এইবাৰ নাছিল আপোনাৰ নামৰ ডেউকা ।
যদিওবা তেওঁ প্ৰৱঞ্চনাৰ ৰাগিত মাতাল হৈ পৰিছিল
তথাপিও তেওঁ গোৱা নাছিল বিচ্ছেদৰ গীত
মাথোঁ যোৱাকালি মোক আগবঢ়াই দিছিল
বিচ্ছেদৰ কেইটোপালমান পানী ৷
আৰু কৈছিল
"হৃদয়ৰ পৰা হৃদয় গ'ল থাকিল শূন্য
শূন্য
আৰু মাথো শূন্য ।"
☎ ৯৭০৬১৮৩২২৪








