শাওনৰ চোতালত প্ৰেয়সীৰ চকুলো
নুসুধিবা মোক
সুখৰ নে ?
দুখৰ ৷
অশ্লীল ৰাতিবোৰৰ গাত ভেজা দি কথাৰ মহলা মাৰোতে আমাৰ বাবে পোহৰ কেতিয়া নিষিদ্ধ হ'ল
মই ধাৰণা কৰিব পৰা নাছিলো ৷
চক্ৰবেহুত অভিমন্যু
সেয়া ধৰ্ম ৰক্ষাৰ আহ্বান
নে আন কিবা
তাক জানিবৰ ইচ্ছা নাই
কাৰণ আমি আৱদ্ধ হোৱা চক্ৰবেহু
দিনৰ নে ৰাতিৰ
তাক লৈ চিন্তিত বুদ্ধিজীৱীৰ সমাজ
আমাক লৈ সময় চিন্তিত নেকি ?
ধেৎ ! সময় জানো আমাৰ লগত ?
পোহৰত পিন্ধা সততাৰ পোছাক আমাৰ নাই
নহ'লে আন্ধাৰত সততা দেখুৱাব যাওঁ নে ।
আঘোণ আহিলেই য'তবোৰ কল্পনা- যল্পনাৰ শেষ
এয়া কাম্য ।
য'ত সব ফুটুকাৰ ফেন !
দূৰভাষঃ ৯৭০৬৮২৯১৫৭
নুসুধিবা মোক
সুখৰ নে ?
দুখৰ ৷
অশ্লীল ৰাতিবোৰৰ গাত ভেজা দি কথাৰ মহলা মাৰোতে আমাৰ বাবে পোহৰ কেতিয়া নিষিদ্ধ হ'ল
মই ধাৰণা কৰিব পৰা নাছিলো ৷
চক্ৰবেহুত অভিমন্যু
সেয়া ধৰ্ম ৰক্ষাৰ আহ্বান
নে আন কিবা
তাক জানিবৰ ইচ্ছা নাই
কাৰণ আমি আৱদ্ধ হোৱা চক্ৰবেহু
দিনৰ নে ৰাতিৰ
তাক লৈ চিন্তিত বুদ্ধিজীৱীৰ সমাজ
আমাক লৈ সময় চিন্তিত নেকি ?
ধেৎ ! সময় জানো আমাৰ লগত ?
পোহৰত পিন্ধা সততাৰ পোছাক আমাৰ নাই
নহ'লে আন্ধাৰত সততা দেখুৱাব যাওঁ নে ।
আঘোণ আহিলেই য'তবোৰ কল্পনা- যল্পনাৰ শেষ
এয়া কাম্য ।
য'ত সব ফুটুকাৰ ফেন !
দূৰভাষঃ ৯৭০৬৮২৯১৫৭








