যন্ত্ৰণা (ৰিজু হাজৰিকা)

এইবাৰ
সোণোৱালী নহ'ল পথাৰখন
পিতাইৰ শেঁতা পৰা মুখখনত
এচমকা ডাৱৰ
বিষাদৰ....

যোৱা নিশা
এজাক ধুমুহা আহিছিল
জোকাৰি সৰুৱাই গ'ল
বুকুৰ বাগিচাত থকা
আটাইবোৰ গোলাপ

এইবাৰ এটা
নতুন ফলৰ বীজ
ধাৰণ কৰিছো
বীজটো প্রসৱ কৰি
ভাবিছো এটা সপোন
তুলি- তালি ডাঙৰ কৰিম
প্রাপ্তীৰ প্রাচুৰ্য্যৰে ভৰা
সেউজীয়া সপোন

এদিন তোমাৰে মোৰে
বহু মিল আছিল
বুকুত বাৰুদভৰা স্বপ্ন লৈ
সাগৰত নামিছিলা তুমি আৰু মইও.....