মাৰ যোৱা বেলি (মমী কলিতা)

উভতি আহিবানে বাৰু তুমি ?
মোক বিচাৰি,
ল'বানে মৰম হিয়া উজাৰি ?
তুমি আহিবানে ?
পাবা জানো মোক নিজৰ কৰি ল'বলৈ ?
এবুকু মৰম যাঁচিবলৈ ৷
থাকিম জানো মই তোমাৰ বাবে বাট চাই,
কিদৰে থাকিমও মই
কোনো সঁহাৰি,
কোনো আশা নোহোৱাকৈ
তোমাক পাম বুলি ৷
মই জানো এদিন হ'লেও
তুমি পিছলৈ ঘূৰি চাবই লাগিব....
আৰু সিদিনা বুজিবা তুমি সঁচা প্ৰেমৰ মহত্ব ৷
এখনি মৰম আকলুৱা হৃদয়ৰ নিভাঁজ সৰল কথাবোৰ
যিয়ে নাজানিছিল জটিলতা অথবা কৃত্ৰিমতা
বিচাৰিছিল কেৱল মতলীয়া প্ৰেমৰ সুগন্ধি ল'বলৈ
মইতো ভবাই নাছিলো
তুমি যে এদিন একো নোকোৱাকৈ আঁতৰি যাবা মোৰ পৰা ৷
ভাঙি গৈছে সেইখন হৃদয়...
যিয়ে প্ৰথম প্ৰেমত পৰিছিল,
কাৰোবাক আপোন কৰি লৈছিল ৷
দুধাৰি চকুলো সৰকে সঘনে- সঘনে,
অবুজন মনটোৱেও যেন নুবুজে...
কেৱল তোমাকহে বিচাৰে প্ৰতিপলে ৷
সেয়েহে সুধিছো.....
আহিবা জানো তুমি উভতি ?

ঠিকনাঃ টিহু
দূৰভাষঃ ৮৪০৪০৪৫৭০১