সোঁৱৰণি (সপোনজ্যোতি)

প্ৰতি নিশা মই মাতাল হ'ব বিচাৰো
সোঁৱৰণি বুকুত
বুকু ভৰা দুখৰ মাজতো
তোমাক বিচাৰো
বিচাৰো এপলক সুখ
মাথোঁ এপলক দুখ বিচাৰো

কিমান আৰু সোঁৱৰণিৰ বুকুৰ মাজত থাকি
তেজৰ চকুলো টুকিম

অমাৱস্যা ৰাতিৰ দৰে
মোৰ জীৱনতো দেখোন চাৰিওফালে
ক'লাবোৰে আঁৱৰি ধৰিছে
আঁৱৰি ধৰিছে জানা
অমাৱস্যা ৰাতিবোৰে

ৰাখিব নোৱাৰিলো তোমাক
মোৰ দুবাহুৰ মাজত চিৰজীৱন
তথাপিও মোৰ বুকুৰ সোঁৱৰণিৰ
পাতত তোমাক ৰাখিম চিৰজীৱন
বহু আলফুলে ।