তুমি (উদয় আদিত্য বৰুৱা)

তোমাৰ সৈতে প্ৰথম কথোপকথনৰ দিনাই তুমি,
প্ৰেমৰ বানে জুৰুলা কৰা
মোৰ হৃদয়ত প্ৰেমৰ
শইচ সিঁচিলা ৷
তোমাৰ মিচিকিয়া অভিমান বোৰে,
মোৰ শইচ সিঁচা হৃদয়ক সেউজ কৰে ৷
মোৰ ৰিক্ত হৃদয়ত ফুলা এজোপা শেৱালি তুমি.....
তোমাৰ স্মৃতিবোৰে মোৰ নৈশ মনক বিৰহ কৰে ৷
এবাৰ মোক বুজিব যত্ন কৰা তুমি,
তোমাক মোৰ ৰিক্ত হৃদয়ৰৰ
জীৱন বাটৰ লগৰি কৰিব বিচাৰো ৷
এবাৰ তুমি বুজা মোৰ.....
মৰম ভালপোৱাক ৷

ঠিকনাঃ গহপুৰ
☎ ৯৮৫৯২৭৬৭৪৩