পাৰিলে ক্ষমা কৰিবা (তৃষ্ণা বৰা)

মই আজি হত্যা কৰিলো অ' সোণ ৷
ভ্ৰূণ হত্যা…
পৃথিৱীত তোক আহিব নিদিলো
ক্ষমা কৰিবি
তোক পৈণত নহওঁতেই
দলিয়াই দিলো…

বাধ্য হ'লো… অ'

প্ৰেমৰ প্ৰতাৰণাই মোক
শেষ কৰি দিলে

মৰিবও নোৱাৰা হ'লো
তোক দলিয়াবও মন নাছিল
কিন্তু …
সিদ্ধান্ত এটাটো ল'বই লাগিছিল
সেয়ে তোকে মাৰিলো

মোৰ চকুত চকুলো নাছিল তেতিয়া
লজ্জা নিবাৰণ
কৰাত একাত্ম হৈ পৰিছিলো

মোৰ দেহত যেতিয়া প্ৰতাৰক প্ৰেমিকৰ অবাধ্য হাতে
যেনি তেনি গতি কৰিছিল
আঁতৰাব হাজাৰ চেষ্টা কৰিও
বিফল হৈছিলো

সেই পৰিণতিৰ ফল তই অ'

জানো ইয়াত তোৰ লেখমানো
দোষ নাছিল

তথাপি তইতো শুনিছিলি
মোৰ উচুপনি
কিমান কলংক জাপি দিছিল
মোৰ চৰিত্ৰত

নিজৰ দোষ বোৰ জাপি দিছিল
তোৰ আৰু মোৰ ওপৰত

মোৰো মন আছিল
তোক কোলাত ল'ব
সুন্দৰ পৃথিৱীত
শইচ বিলাব

নোৱাৰিলো অ'

অনিচ্ছা সত্ত্বেও
মোৰ দেহত কামনাৰ বীজ সিঁচিছিল
প্ৰতাৰক প্ৰেমিকে
পলকতে মোহাৰি পেলাইছিল
মোৰ কেঁচা যৌৱন

মোৰ তেতিয়া শকতি নাছিল
চলনাবোৰত ভোল গৈছিলো
প্ৰেমত অন্ধ হৈ পৰিছিলো…

জানো ক্ষমা খোজাৰ
অধিকাৰ মোৰ নাই…
মই হেৰুৱাইছো,

তথাপি
পাৰিলে ক্ষমা কৰিবি

ঠিকনাঃ ধিং, নগাওঁ
পিন- ৭৮২১২৩
ভ্ৰাম্য- ৮৩৯৯৮১০৫৯৩