আশা মোৰ প্ৰেয়সী আছিল
দিনে নিশাই পূজা কৰিছিলো তাইৰ
উশাহে নিশাহে তাইৰ নাম…
সময়বোৰ নিষ্ঠুৰ
ছলনাময়ী তাই
ধৰা দিব নোখোজে সহজে¸
জীৱনে নুবুজে…
এদিন বিয়া কৰালো সেউজীয়াক
আৱেগেৰে মালা পিন্ধি তাই মোৰ প্ৰেৰণা¸
সৃষ্টিৰ তাড়নাত মই মতলীয়া…
এদিন তাই গৰ্ভৱতী হ'ল
এতিয়া আমাৰ সুখৰ সংসাৰ
কবিতাবোৰ আমাৰ সন্তান…
তাই মোৰ বুকুত সিঁচিলে ভালপোৱাৰ এখনি পথাৰ
তাইৰ স্পৰ্শই দিলে সাহস
এতিয়া আশাক নিবিচাৰো
সেউজীয়াৰ উষ্ম চুমাৰে জীপাল মোৰ জীৱন
খবৰ লয়হি আজিকালি আশাই
হয়তো তাইৰ অনুশোচনা
সেউজীয়াই বেয়া নাপায়¸
ভগ্নীস্নেহেৰে আদৰে আশাক
কাৰণ তাই জানে
তাইৰ আছে বিশ্বাস
নীলা চিয়াহীবোৰ তেজ
শব্দ উশাহ…
সেউজীয়া আৰু মই অভিন্ন
সেয়েহে তাইৰ অহংকাৰ
মোৰ অলংকাৰ…।
ঠিকনাঃ ৰামপুৰ¸ দক্ষিণ কামৰূপ
দিনে নিশাই পূজা কৰিছিলো তাইৰ
উশাহে নিশাহে তাইৰ নাম…
সময়বোৰ নিষ্ঠুৰ
ছলনাময়ী তাই
ধৰা দিব নোখোজে সহজে¸
জীৱনে নুবুজে…
এদিন বিয়া কৰালো সেউজীয়াক
আৱেগেৰে মালা পিন্ধি তাই মোৰ প্ৰেৰণা¸
সৃষ্টিৰ তাড়নাত মই মতলীয়া…
এদিন তাই গৰ্ভৱতী হ'ল
এতিয়া আমাৰ সুখৰ সংসাৰ
কবিতাবোৰ আমাৰ সন্তান…
তাই মোৰ বুকুত সিঁচিলে ভালপোৱাৰ এখনি পথাৰ
তাইৰ স্পৰ্শই দিলে সাহস
এতিয়া আশাক নিবিচাৰো
সেউজীয়াৰ উষ্ম চুমাৰে জীপাল মোৰ জীৱন
খবৰ লয়হি আজিকালি আশাই
হয়তো তাইৰ অনুশোচনা
সেউজীয়াই বেয়া নাপায়¸
ভগ্নীস্নেহেৰে আদৰে আশাক
কাৰণ তাই জানে
তাইৰ আছে বিশ্বাস
নীলা চিয়াহীবোৰ তেজ
শব্দ উশাহ…
সেউজীয়া আৰু মই অভিন্ন
সেয়েহে তাইৰ অহংকাৰ
মোৰ অলংকাৰ…।
ঠিকনাঃ ৰামপুৰ¸ দক্ষিণ কামৰূপ








