হৃদয়ৰ কিছু অনুভৱৰ টুকুৰা (ডেইজী চৌধুৰী)

এখন হিয়াৰ পৰা অন্য এখন হিয়াৰ অনুভূতি বুজি পোৱাটো বহু কঠিন । কাৰোবাক বহু আশা দি আপ্লুত কৰাৰ পিছত সেই হিয়াখনক ভাঙি চূৰমাৰ কৰি অন্য এক হিয়াত স্থান লোৱাত কিমান বেদনা বুকুত লৈ ফুৰিব লগা হয়। মিছা প্ৰতিশ্ৰুতিৰে, মিছা প্ৰেমেৰে অভিনয় কৰিব লগা হয় অন্য এক নুবুজা হিয়াৰ লগত ৷ মনৰ কথা কোনে বুজে ? বুজাজনে হয়তো এবাৰ গমি চায় । নুবুজাজনে বাৰু কি কৰে ৷ আত্ম প্ৰত্যাহিত হৈ নীৰৱে চকুলো টুকি টুকি মাথো অপেক্ষা কৰে ৷ জীৱনটো বৰ দুৰ্যোগময় । প্ৰতি খোজৰ বাবে চিন্তা কৰি নচলিলে খোজে প্ৰতি উজুটি খোৱাৰ বাহিৰে অন্য উপায় হয়তো বিচাৰি পোৱা দূৰ । ঠিক একেদৰে জীৱনটো তুলুঙা নাৱৰ দৰে ৷ ক'ত কেতিয়া কি হয় গমকে ধৰিব নোৱাৰি ৷ কেতিয়াবা উঠি যায়, কেতিয়াবা ডুব যায়, অন্য কেতিয়াবা ভাহি গৈ থাকি অচিন পাৰত লাগি ঠিকনা হেৰায়। বহুতো পোৱাৰ বেদনাত চটফটাই থাকি শেষত একো নাপাই হিয়া উজাৰি কন্দাৰ মাজত পাৰ্থক্য হয়তো বহু গুণে বেছি । নোপোৱাৰ বেদনাতকৈ পাই হেৰুওৱাৰ বেদনা কিমান বেছি সেয়া সেয়া যি এবাৰ হেৰুৱাই তেওঁহে ভালকৈ অনুধাৱন কৰিব পাৰে। কিমান যন্ত্ৰণাদায়ক এই হৃদয়ৰ বতৰা । হৃদয়ৰ চকুপানী কোনে দেখে বাৰু ? যিয়ে নিশা কন্দাত অভ্যস্ত তেওঁহে অনুধাৱন কৰিব পাৰিব। নিশা জ্বলে বেদনাতে দুচকুৰ ভাষা হেৰাই যায়, টোপনিৰ সৈতে ক্ৰমান্বয়ে বাঢ়ি আহে ব্যৱধান আৰু যে ক'তো কি ? কোনে দেখিব ? কোনে বুজিব ? ভালপোৱাটো যেনেকুৱা কঠিন ভাল নোপোৱাতো ঠিক তেনেকুৱাই কঠিন মোৰ বোধেৰে । কাৰোবাৰ প্ৰেমৰ ফলত যদি অন্য এক জীৱন ধাৰা মনৰ মাজলৈ নামি আহে তেন্তে প্ৰেম কৰাত বাধা কি ? প্ৰেম টো প্ৰেমেই । শাশ্বত, শান্তি আৰু উপাসনাৰ কেন্দ্ৰ বিন্দু ।

ঠিকনাঃ বঙাইগাওঁ