পূজাৰ বন্ধত ঘৰলৈ আহি মামনি এক প্ৰকাৰৰ শিল পৰা কপৌৰ দৰেই হ'ল ৷ তাইক চাবলৈ বোলে কাইলৈ দৰা আহিব ৷ দৰা সিহঁতৰ চুবুৰীৰে বীৰেণ বৰুৱাৰ ভাগিনীয়েক হেনো ৷
বৰ মেধাবী নহ'লেও অন্ততঃ এম এ টো সম্পূৰ্ণ কৰিবলৈ তাইৰ বৰ মন আছিল । তথাপিও দৰাৰ ঘৰখন এখন শিক্ষিত ঘৰ বুলি গম পায় তাইৰ বেয়া নালাগিল । ভাবিছিল বিয়াৰ পাছতো তাই এম এ সম্পূৰ্ণ কৰিব পাৰিব ৷
কিন্তু পিছদিনা ছোৱালী চাবলৈ আহি দৰাৰ দেউতাক তথা অঞ্চলটোৰ এজন বিশিষ্ট সমাজ কৰ্মী ৰামেশ্বৰ শইকীয়াই তাইৰ সন্মুখতে মাকক "ছোৱালীয়ে নো পঢ়ি শুনি কি ডাল কৰিব ?" বুলি কোৱা শুনি; সভাই সমিতিৰে শিৰ ফুলাই "বেটী পঢ়াও বেটী বচাও" বুলি ভাষণ দিয়া মানুহজনৰ প্ৰতি তাই পুতৌ উপজিছিল ৷
ঠিকনাঃ দেৰগাওঁ কমল দুৱৰা মহাবিদ্যালয়








