সুখী হ'লে
অন্ধকাৰ আকাশত তৰাবোৰে
ফৰিঙৰ দৰে খেলে ৷
তাই দুখী হ'লে হয়তো
আকাশখনে কান্দে,
সেয়ে বৰষুণজাক পৃথিৱীলৈ নামে ৷
জগতৰ দুচকুত আজি
মলিয়নতাৰ চামনি পৰিছে,
সেয়ে,
তাই পিন্ধা সাজযোৰ মলিয়ন দেখে ৷
তাইটো নিষ্পাপ
এপাহ সজীৱ ফুলৰ দৰে,
মাথোঁ আনৰ দুচকুত
সুখৰ ৰ'দালি জিলিকাব বিচাৰে ৷
তাই অধিকাৰিণী
এটি শিশুসুলভ খোলা হাঁহি,
অথচ, জগতে দেখা পাই তাইৰ হাঁহিত দুষ্টালি ৷
কোনো কৃষ্ণাংগীয়ে
নিজৰ ৰঙৰ দোষতে
প্রেমিকবিহীন ভাবি ৰাউচি জুৰি কান্দে,
পিছে তাই কিদৰে বুজাব
দেহৰ ৰঙেই মূল নহয়
শ্বেতাংগী যদিও প্রিয়জনৰ প্রেমৰ পৰা বঞ্চিত
তাই আজি,
কাৰণ সেয়াই,
জগতৰ দুচকুত পৰিছে মলিয়নতাৰ চামনি ৷
কোনে বুজে,
তাইৰ সৰলতাৰ সুযোগ লৈ
কোনে তাইৰ হিয়াত হানিলে
কোনে শুনে,
তাইও উচুপি উঠে সংগোপনে
ধীৰে ধীৰে নাম পালে
তাই বদনামী এজনী চঞ্চলা ছোৱালী,
পিছে তাইৰ মনটোৱে আজিও নামানে
জগতে বিচৰাৰ দৰে গাবলৈ
নিশ্চুপতাৰ বাণী ৷
ঠিকনাঃ যোৰহাট
দূৰভাষঃ ৭৩৩৯৯৫২৬৮০২
অন্ধকাৰ আকাশত তৰাবোৰে
ফৰিঙৰ দৰে খেলে ৷
তাই দুখী হ'লে হয়তো
আকাশখনে কান্দে,
সেয়ে বৰষুণজাক পৃথিৱীলৈ নামে ৷
জগতৰ দুচকুত আজি
মলিয়নতাৰ চামনি পৰিছে,
সেয়ে,
তাই পিন্ধা সাজযোৰ মলিয়ন দেখে ৷
তাইটো নিষ্পাপ
এপাহ সজীৱ ফুলৰ দৰে,
মাথোঁ আনৰ দুচকুত
সুখৰ ৰ'দালি জিলিকাব বিচাৰে ৷
তাই অধিকাৰিণী
এটি শিশুসুলভ খোলা হাঁহি,
অথচ, জগতে দেখা পাই তাইৰ হাঁহিত দুষ্টালি ৷
কোনো কৃষ্ণাংগীয়ে
নিজৰ ৰঙৰ দোষতে
প্রেমিকবিহীন ভাবি ৰাউচি জুৰি কান্দে,
পিছে তাই কিদৰে বুজাব
দেহৰ ৰঙেই মূল নহয়
শ্বেতাংগী যদিও প্রিয়জনৰ প্রেমৰ পৰা বঞ্চিত
তাই আজি,
কাৰণ সেয়াই,
জগতৰ দুচকুত পৰিছে মলিয়নতাৰ চামনি ৷
কোনে বুজে,
তাইৰ সৰলতাৰ সুযোগ লৈ
কোনে তাইৰ হিয়াত হানিলে
কোনে শুনে,
তাইও উচুপি উঠে সংগোপনে
ধীৰে ধীৰে নাম পালে
তাই বদনামী এজনী চঞ্চলা ছোৱালী,
পিছে তাইৰ মনটোৱে আজিও নামানে
জগতে বিচৰাৰ দৰে গাবলৈ
নিশ্চুপতাৰ বাণী ৷
ঠিকনাঃ যোৰহাট
দূৰভাষঃ ৭৩৩৯৯৫২৬৮০২








