প্ৰয়াস আছিল
সেউজীয়া হোৱাৰ
কিন্তু আকাশৰ নীলা হৈয়ে ৰ’লো…
চুব নোৱাৰিলো তাহানিও
তোমাৰ সেউজ হৃদয়ক…
বৰ ইচ্ছা আছিল জানা
তোমাৰ বুকুত ভালপোৱাৰ বীজ হৈ
মৰমৰ ল’তা হৈ ব’বলৈ !
মই সদায় তোমাক চাই ৰওঁ
বৰষুণ হৈ চুব প্ৰয়াস কৰো
কিন্তু মোৰ প্ৰয়াস
কেৱল মাথো প্ৰয়াস হৈয়ে ৰয়…
মই সৌ আকাশৰ নীলা
তুমি ধৰণী সেউজীয়া ৷
ঠিকনাঃ অভয়াপুৰী
সেউজীয়া হোৱাৰ
কিন্তু আকাশৰ নীলা হৈয়ে ৰ’লো…
চুব নোৱাৰিলো তাহানিও
তোমাৰ সেউজ হৃদয়ক…
বৰ ইচ্ছা আছিল জানা
তোমাৰ বুকুত ভালপোৱাৰ বীজ হৈ
মৰমৰ ল’তা হৈ ব’বলৈ !
মই সদায় তোমাক চাই ৰওঁ
বৰষুণ হৈ চুব প্ৰয়াস কৰো
কিন্তু মোৰ প্ৰয়াস
কেৱল মাথো প্ৰয়াস হৈয়ে ৰয়…
মই সৌ আকাশৰ নীলা
তুমি ধৰণী সেউজীয়া ৷
ঠিকনাঃ অভয়াপুৰী








