বিষাদৰ কোবাল সোঁতত
সাঁতুৰি সাঁতুৰি মই
ভাগৰি পৰা নাই ।
যন্ত্ৰণাৰ বিষাক্ত শিপাবোৰ
বস্ত্ৰৰ বন গুটিৰ দৰে,
দিছো দলিয়াই ৷
ভঙা কাচৰ টুকুৰা বুলি
দুখ বোৰ বহুত
দূৰত পেলাই দিলো
সদ্য প্ৰসবিত মাতৃৰ
হাঁহি বোৰৰ দৰে
সুখ বোৰ বুটলি ল'লো ৷
যা গৈ নাৱৰীয়া গুছি যা
তই আৰু
নাহিবি কেতিয়াওঁ
চকুৰ পানীত মোৰ
নচলাবি তই
তোৰ হেঁপাহৰ নাওঁ ৷
ঠিকনাঃ নলবাৰী, মাখিবাহা








