আই (অভিজিত বৰপাত্ৰগোহাঁই)

(আইৰ হাতত.......)
মই তোৰ কোলাত বিচাৰি পাওঁ
পৃথিৱীৰ সৰ্বস্ব সুখৰ অনুভূতি,
বিচাৰি পাওঁ জীৱনৰ মাদকতা !
তই যে সকলো দুখ- যন্ত্ৰণাৰ ঔষধ,
তই মোৰ হিয়াৰ মুকুতা
কলিজাৰ এচপৰা মঙহ !
তইয়ে হয়তো
মোৰ পৃথিৱীৰ আটাইতকৈ বিশ্বাসী বন্ধু,
আটাইতকৈ মৰম বেছি দিব পৰা মোৰ প্ৰেয়সী !
মোৰ আই
তোৰ শীতল কোলাত
মোক এপলক জীৰাবলে দে,
বুকুৰ মৰমে মোক ওপচাই পেলা,
হিয়া উজাৰি দে তোৰ অকৃত্ৰিম চেনেহ !

দূৰণিৰ পৰা আহিলে মই
তই মোৰ হাতলে নাচাব,
চিধাই চাব মুখখনলৈ
কিজানিবা শুকাই- খীণাই আহিছো
সেয়াই মৰম বুজিছ,
অকৃত্ৰিম, নিভাঁজ, নিস্বাৰ্থ....

তই তুলনা বিহীন আই
একোৰেই তুলনা নহয় তোৰ !

ঠিকনাঃ শিৱসাগৰ