শেৱালি ফুলৰ সুবাস (ক্ষমা ধৰ ৰাভা)

শৈশৱত গৈছিলো
আইতাৰ চোতালত শেৱালি ফুল বিচাৰি
কাহিলি পুৱাতে
বগা ৰঙৰ শেৱালি ফুলেৰে
চোতাল ভৰি পৰিছিল ৷
কোনোবাই পাৰিছিল
যেন এখন বগা দলিচা হে
কাহানিও পাহৰিব নোৱাৰো
"মা" ই ৰান্ধি দিয়া শেৱালি ফুল আঞ্জাৰ সোৱাদ ৷
গোন্ধটোৱে কথাবোৰ সোঁৱৰাই,
আমনি কৰে
বিচাৰি যাওঁ মই
কোনোবা আইতাৰ চোতালৰ শেৱালি
সুবাস বিচাৰি বুটলি
লৈ আহোঁ
শেৱালি ভৰাই এপাচি ৷

ঠিকনাঃ জামুগুৰি, ওডালগুৰি