নোপোৱাৰ বেদনাবোৰ ভাল অৰুণিমা
বুকু গুমৰি বাজি থাকে ৰাতি ভালপোৱাৰ বাঁহী ৷
এই যে নোপোৱাবোৰ পাব বিচৰাৰ বাবেই
বিদ্ৰোহ কৰোঁ আমি
নোপোৱাবোৰ পাব বিচৰাৰ বাবেই
সদায় চকুলো টুকো
নোপোৱাৰ বেদনাত আচলতে ইজনে সিজনক
ভালপাওঁ
অভিমান কৰো
খেলো, হাঁহো
নোপোৱাবোৰ পাব বিচৰা বাবেই
পৃথিৱীখন ধুনীয়া
নোপোৱাবোৰ পাব বিচৰা বাবেই আমাৰ
জীৱন মোহনীয়া
নোপোৱাৰ বেদনাবোৰে ভালপোৱাবোৰক সোঁৱৰাই থাকে ৷
নোপোৱাৰ বেদনাত আমি সদায়ে কান্দো
আঁহা অৰুণিমা
আৰু দুখবোৰ সাবটি লওঁ
ইজনে সিজনৰ কুশল কামনা কৰো
আজীৱন আমাৰ গুপুত ভালপোৱাক
হৃদয়ত সযতনে ৰাখো ৷
ঠিকনাঃ পানীতোলা
বুকু গুমৰি বাজি থাকে ৰাতি ভালপোৱাৰ বাঁহী ৷
এই যে নোপোৱাবোৰ পাব বিচৰাৰ বাবেই
বিদ্ৰোহ কৰোঁ আমি
নোপোৱাবোৰ পাব বিচৰাৰ বাবেই
সদায় চকুলো টুকো
নোপোৱাৰ বেদনাত আচলতে ইজনে সিজনক
ভালপাওঁ
অভিমান কৰো
খেলো, হাঁহো
নোপোৱাবোৰ পাব বিচৰা বাবেই
পৃথিৱীখন ধুনীয়া
নোপোৱাবোৰ পাব বিচৰা বাবেই আমাৰ
জীৱন মোহনীয়া
নোপোৱাৰ বেদনাবোৰে ভালপোৱাবোৰক সোঁৱৰাই থাকে ৷
নোপোৱাৰ বেদনাত আমি সদায়ে কান্দো
আঁহা অৰুণিমা
আৰু দুখবোৰ সাবটি লওঁ
ইজনে সিজনৰ কুশল কামনা কৰো
আজীৱন আমাৰ গুপুত ভালপোৱাক
হৃদয়ত সযতনে ৰাখো ৷
ঠিকনাঃ পানীতোলা








