মকৰা আৰু এবছার্ড (অৰুপ কুমাৰ বৈশ্য)

মকৰা এটাই জাল এখন গুঠি থাকোতেই
তাত লাগি ধৰিছিল
কেইটামান সপোন ।
উশাহ এটাই কক্ বকাই থকা দেখি
মকৰাটো দৌৰি আহিল
এটি এলান্ধুকলীয়া সাধুৰ উপত্যকাৰ পৰা ।
মকৰাটোৱে দৌৰি আহি দেখিলে
জালখনত এটা ডাঙৰ ফুটা
আৰু সেই ফুটাৰেই সৰকি পৰিছে
দিন, মাহ, বাৰ, সময়...
মৰা ঘড়ী এটা পিঠিত বান্ধি
মকৰাটোৱে আকৌ দৌৰিছে
সময়বোৰ বিচাৰি ।

নীলা শিয়ালৰ হো হোৱনীত
সময়বোৰ ক্রমশঃ ভাগৰি পৰিছে ।

পৰুৱা এটাৰ আগত এখন পৃথিৱী নাচিছে,
আৰু সি গিলিবলৈ চেষ্টা কৰিছে ।
অত পৰে মকৰাটোৱে তাকেই চাই থাকিল...
দলঘাঁহ এডাল চোবাই চোবাই তাৰ টোপনী আহিল ।
অৱশেষত পৰুৱাটোৱে পৃথিৱীখন গিলি পেলালে
আৰু পৰুৱাৰ গর্ভৰ পৰা বাজি উঠিল
এটি বিখ্যাত ব্রহ্মাণ্ড সংগীত ।

তেতিয়াই মোৰ টোপনি ভাগিল..
দেখিলো পৰুৱাটো মকৰাৰ জালত লাগি ধৰিল,
আৰু পৃথিৱীখন মকৰাৰ গাত পৰি
মকৰাটো এটি সপোন হৈ পৰিল
আৰু তেতিয়াই মোৰ
কেঁচা টোপনি ভাগিল ৷

দূৰভাষঃ ৮৪৮৬৩২০৮৫৯