ৰ'দৰ চিঠি - খণ্ড ৫ (ৰ'দ ৰাগিনী)


তৃষাৰ কথাবোৰে ভবাই তুলিলে পাৰ্থক ৷ মনৰ ভাব জোকাৰি জপনাখন খুলি সি সোমাই গ'ল.... ৰচকী বাইৰ জুপুৰিটোলৈ ৷ আন্ধাৰ বাহিৰত ৷ ভিতৰৰ পৰা ঢিমিকি চাকিৰ পোহৰ ভাঁহি আহিছে ৷ খোজ দিবলৈ অপাৰগ হ'ল যেন পাৰ্থ ৷ তাৰ মনত দুটি ভাৱনাৰ যুদ্ধ চলিল ৷ এফালে, তাৰ অতীতৰ সত্যক জনাৰ কৌতুহল, আনফালে সত্য নিষ্ঠুৰ হোৱাৰ আশংকা ৷ তথাপি মনক বুজনি দি আগুৱাই গ'ল সি ৷ বাঁহৰ সৰু দুৱাৰখন খুলি সোমাই গ'ল ভিতৰলৈ । চকামকা পোহৰত দেখিলে, চকী এখনত বহি আছে মিলন খুৰা, মাটিতে পীৰা এখন পাৰি বয়সে জীৰ্ণ কৰা এগৰাকী মহিলা ৷ চাকিৰ চকামকা পোহৰতে পাৰ্থই চাবলৈ যত্ন কৰিলে তেওঁৰ মুখখন..... চাবলৈ যত্ন কৰিলে, প্ৰায় ২৫ বছৰৰ আগৰ ৰচকী বাইজনীৰ মুখৰ কিমান খিনি সাদৃশ্য আছে এতিয়াৰ শেঁতা মুখ খনিত । মিলন খুৰাই কাষতে থকা চকীখন আগবঢ়াই দিলে পাৰ্থৰ ফালে ৷ তাক দেখি কেঁকো- জেঁকোকৈ থিয় হ'ল ৰচকী বাই । পাৰ্থৰ সমুখত থৰক বৰককৈ ৰৈ বহু পৰ চাই থাকিল তাৰ মুখলৈ ৷ পাৰ্থই কি ক'ব ভাবি নাপালে, মনৰ মাজত ইতিমধ্যে আৱেগে ধুমুহাৰ সৃষ্টি কৰিছে ৷ এইগৰাকী মানুহক সি চিনি পাইছে, অথচ তেওঁ চিনিব পৰানাই । ক'ত ৰচকী বায়ে এৰি অহা সময়ৰ ৫ বছৰীয়া পাৰ্থ আৰু ক'ত আজি ২৭ বছৰীয়া অসমগৌৰৱ পাৰ্থ ! এবাৰ মিলন খুৰালৈ চাই পাৰ্থই ৰচকী বাইক ক'লে- "মই চহৰৰপৰা আহিছো বাই ৷ তোমাৰ পৰা কিছু কথা জানিবলগীয়া আছিল । ৰচকী বাই অবাক হ'ল ৷ আজি ইমান বছৰে সামাজিক ভাবে আঁতৰি থাকিবলগা হৈছে তেওঁ । বুলবুলিজনীৰ বাদে নিজৰ বুলিবলৈ আছে কোন তেওঁৰ ! ইমানদিনে কোনো অহা নাই ৰচকী বাইৰ কাষলৈ, অথচ আজি চহৰৰ পৰা কোন আহিছে তেওঁৰ ওচৰলৈ ৷
হাজাৰ প্ৰশ্ন বুকুত সামৰি ৰচকী বায়ে চাই থাকিল পাৰ্থলৈ ৷ দুচকুলৈ চালে, এহালি উজ্বল, অথচ নিৰ্বাক চকু ৷ চকুযুৰি চিনাকি যেন লাগিল ৰচকী বাইৰ ৷ মানুহৰ সকলো সলনি হ'লেও চকুযুৰি একেই থাকে ৷ অচিনাকি ল'ৰাজনৰ দুচকুত আত্মীয়তাৰ চিন বিচাৰি পালে ৰচকী বায়ে । আৱেগবোৰে হেঁচা মাৰি ধৰিলে তেওঁৰো বুকুখন ৷ পাৰ্থৰ বুকুতো তেতিয়া কৌতুহল, আৱেগ আৰু শংকাৰ ধুমুহা‌ ৷ (ক্ৰমশ)