আহিনৰ স'তে শৰত আহে -
গোপনে শৰত নামে ধৰালৈ,
নৈৰ বালি চাপৰিত
কঁহুৱাৰ হালি- জালি নাচোন এই শৰততে --
চৌপাশে গোন্ধ এটিয়ে বিৰবিৰাই ফুৰে শুভ্ৰ শেৱালি ফুল তল ভৰি থাকে পদূলিৰ সেউজীয়া দুৱৰিৰ দলিচাত ।
মোৰ কোঠাৰ বাতায়ন খুলি বৈ
আহে পুৱাৰ শীতল বতাহ ছাটি
দুচকুত আঁকি যায় যৌৱনৰ গান ।
শৰত সদ্যস্নাতা মোহিনী
ঋতুৰাণীৰ- মায়াবী অপৰূপা ৰূপৰ বন্যাত নিয়ৰৰ শুভ্ৰ টোপাল ৰ স্নিগ্ধতা বোৱাই লৈ যায় মোক এসাগৰ সপোন সাঁনি ৷
শৰত আহে মোৰ মন চোতালত এজাক হিমচেঁচা বতাহ হৈ- ডাঠ কুঁৱলী ফালি,
মনৰ মাজত এক অজান শিহঁৰণৰ বাহঃ শৰতৰ শীতলতাই পবিত্র কৰে মন আজি,
চৌদিশে গুঞ্জৰিত হয় পৰি ভ্ৰমী খঞ্জৰি পক্ষীৰ সুললিত বিহংগৰ সুৰ । শৰতৰ বুকুত স্নিগ্ধ জোনাকৰ স'তে কথাপাতে শেৱালিয়ে- ৰাতিতে ফুলি ৰাতিতে সৰি দি যায় সুগন্ধিৰ সুৰ । পুৱতিৰ স'তে নিয়ৰৰ অভিসাৰত সেউজীয়া দুৱৰিৰ দলিচাত জলমলায় থাকে নিয়ৰৰ এক তুলনা বিহীন ৰূপ, কবিতাৰ
উপমা বোৰও যেন লাজত ওৰণি টানে- শৰতৰ অবিস্বিত সৌন্দৰ্য্যত । পুৱাৰ বেলিটি কুঁৱলীৰ ফাকেৰে মূৰ উলিয়াই ৰ'দালিৰ মৌ মেল পাতি দি যায় হি সাতৰঙী কৰি । শৰত আহে আহিনৰ বাবে, আহিন আহে শেৱালিৰ বাবে, শেৱালি আহে নিয়ৰৰ বাবে নে শৰত আহে কুঁৱলী ভৰা পুৱতিৰ বাবে । শৰত আহে জোনাকৰ বাবে লৈ আহে মিঠা মিঠা সুবাসৰ শীতলতা ।
আহঃ শৰত _____শৰত-----
মন- প্ৰাণ হৰি মতলীয়া হোৱা আহিন ৷ শেৱালি, নিয়ৰ, দুৱৰি, জোনাক, নৈৰ কাষৰ হালি- জালি শীতল বতাহত আঁচল উৰুৱাই লৈ যোৱা কঁহুৱাৰ নাচোন ৷ আকাশ খন আঁৱৰি থকা সেই কুঁৱলী ।








