মাৰ ডায়েৰি -৬ (সৌৰভ জ্যোতি বৰ্মন)


ৰূপমৰ মাক এতিয়াও শুই আছে । চাৰিওফালে নিশব্দতাই ৰাজত্ব কৰিছে । কেৱল ৰূপমৰ আভ্যন্তৰতহে এক প্ৰৱল ধুমুহাৰ সৃষ্টি হৈছে । হয়তো নিজৰ ওপৰত হোৱা ঘৃণাৰ ধুমুহা ।

ডায়েৰিটোৰ অন্তিম পৃষ্ঠাটো পঢ়িবলৈ এতিয়াও বাকী আছে ৰূপমৰ । আখৰবোৰ কিছু অপৰিপাটি ।

আকৌ এবাৰ বহুদিনৰ ব্যৱধানত ডায়েৰিটো মেলিছো । কিন্তু, এইবাৰৰ ব্যৱধানৰ কাৰণ ব্যস্ততা নাছিল, এইবাৰো সেই একে নিসংগতাই । এনেকুৱা নিসংগতা, যিটো হয়টো মোৰ বাকী থকা দিনকেইটাত আৰু কেতিয়াও পূৰণ নহ'ব - ৰূপমৰ পিতাকে যে মোক অকলশৰীয়া কৰি এৰি গুছি গ'ল ।

তেখেত যোৱাৰ পিছত ৰূপমে মোক তাৰ লগত দিল্লীলৈ লৈ আহিছিল । সিহঁতৰ পৃথিৱীখন পৃথক আছিল, সকলোৰে কিছুমান নিজস্ব জীৱন শৈলী আছে । ইয়াৰ মানুহে অকলে থকাতোক প্ৰাইভেট স্পেচ বুলি কয় আৰু অকলেই সুখীওঁ থাকে । ৰূপম ৰাতিপুৱাই অফিচলৈ যায়, বোৱাৰী কোনোবা সামাজিক সংস্থাত কাম কৰে আৰু ধ্ৰুৱ যায় বিদ্যালয়লৈ । কাম কৰা তিৰোতা গৰাকী আহে যদিও, তাইওঁ নিজৰ কামখিনি কৰি গুছি যায় । তাইৰ ওচৰতো সময় নাথাকে কথা পাতিবলৈ । এদিনাখনটো মোক কথাকে শুনাই দিছিল - "মাজী, আপ হমেচা হী বাতো মে উলজা দেতে হে অউৰ ফিৰ হমে দুচৰা ঘৰ জানে মে লেট হো যাতা হে..." ইয়াতটো ওচৰ - চুবুৰীয়াইওঁ কোনো কাৰো লগত কথা পতা দৃশ্য দেখিবলৈ দুৰ্লভ । ধ্ৰুৱ দুপৰীয়া আহে যদিওঁ, ভাতৰ সাজ হাতত লৈয়ে টিভিৰ সন্মুখত বহি যায় । মই ভাবো তাক সাধু শুনাম... শুৱাই থম... কিন্তু, নাই.. সিওঁ কৈ দিয়ে -- "আইতা, প্লিজ... এতিয়া মই ডাঙৰ হৈছো, সেইবিলাক সাধু নুশুনো আৰু..."

সন্ধিয়া ভাগৰুৱা পুত্ৰ- বোৱাৰী ঘৰলৈ ওভতে । সিহঁতক দেখিলে টো মোৰ পুতৌ ওপজে- এনেকুৱাও নো কি কাম থাকে, যিয়ে জীৱনটোকে যন্ত্ৰ বনাই দিয়ে । ভাবিছো ৰূপমক কৈয়ে পেলাম - মোক গাওঁৰ ঘৰত থৈ আহিবলৈ আৰু যদিহে সময় নাপায়, টিকট কাটি দিলে মই নিজেই যামগৈ । ইয়াত থাকি কিবা কৰিব খুজিলোঁৱেই যেনিবা, কৰিম কি... । ঘৰত অন্ততঃ একো নাপালেওঁ চিনাকি দৰ্জা- খিৰিকীবোৰৰ লগতেই কথা পাতিম । পিৰালিত থকা তুলসী জোপা, চোতালৰ আম গছজোপা সকলোৱেই মোৰ কথা বুজি পায় । সকলোৰে উৰ্ধত ৰূপমৰ পিতাকৰ স্মৃতিবোৰোটো তাতেই আছে । তেখেতৰ স্মৃতিৰেই সময় কটাব পাৰিম মই ।

ডায়েৰিৰ প্ৰতিটো পৃষ্ঠাই আজি ইমান বছৰে বুকুত কঢ়িয়াই লৈ ফুৰা কেইবা দশকযোৰা কাৰোবাৰ আভ্যন্তৰৰ অস্ফুট বিননি কিছুমানৰ সাক্ষী সজালে ৰূপমক । দুচকুৰ দুই কোণত জমা হোৱা চকুপানী খিনি ৰূপমৰ দুগালেৰে নদী হৈ বাগৰি আহিছে আৰু ডায়েৰিটোৰ অন্তিম পৃষ্ঠাটো তিয়াই পেলাইছে । ৰূপমে নিজকে জীৱন যুদ্ধত পৰাজয় বৰণ কৰা এজন ভীৰু যেন অনুভৱ কৰিছে । এজন পুত্ৰৰ পৰাজয় হৈছে... । তাতকৈওঁ যেন ডায়েৰিটোৰ পৃষ্ঠাবোৰেহে ভালকৈ পঢ়িছিল মাকৰ মনটো । আৰু সি.....
সি চকুপানী ৰাখিব পৰা নাছিল, ইচ্ছা কৰা স্বত্বেও ।

চকীখনত বহি থকা ৰূপমৰ এখন হাত ডায়েৰিটোত আৰু আনখন হাত নিজৰেই মূৰত, হয়টো মাকৰ যন্ত্ৰণাবোৰ তালৈকেওঁ প্ৰবাহিত হৈছে । তেতিয়াই, পিছফালৰ পৰা মাত আহিল- "ৰূপম... বাচা মই ঠিকেই আছো..." ৰূপম লগে- লগেই থিয় হ'ল আৰু দেখিলে যে - মাক তাৰ সন্মুখত । ৰূপমৰ চকুত চকুপানী আৰু হাতত ডায়েৰিটো দেখি মাকে সকলো বুজি পাই গৈছে ।

"মোক... ক্ষমা কৰি দিয়া মা... " ৰূপম মাকৰ বুকুৰ মাজলৈ সোমাই গৈছে । হয়তো, বহু বছৰৰ মূৰত এনেকুৱা এটা মুহূৰ্ত আহিছে । ৰূপমে সিক্ত নয়নেৰে মাকলৈ চাই কৈছে -- "পাৰ্কৰ ফালে ফুৰিবলৈ যাওঁ ব'লা... তোমাৰ সৈতে বহু কথা পাতিবলগীয়া আছে... (সমাপ্ত)