হাতী মানুহৰ সংঘাত (কবিতা গোস্বামী)


কাহিনীটোৰ নামৰ পৰিচয় বৰ্তমান সমাজত সৰ্ব্বজন, বিহীত ৷ সেয়েহে, তাৰ বিষয়ে বহুল ব্যাখ্যাৰ প্ৰয়োজনবোধ নকৰি আমি নিজকে দায়ী বুলি এই কাহিনীৰ আৰম্ভ কৰিছো ৷ কিয়নো হাতীৰ আৱাসস্থলী আমিয়ে দখল কৰিছো ৷ সিহঁতৰ খাদ্য ভাণ্ডাৰ সংৰক্ষিত বনাঞ্চলত আমাৰ দৰে লোকেই নিঃশেষ কৰি বেদখলীকৃত এলেকা হিচাপে গঢ়ি তুলিছে ৷
এই ক্ষেত্ৰত চৰকাৰ, অৰাজনৈতিক সংগঠন তথা আন আন বিভিন্ন সংগঠনে যিমানেই আলাপ- আলোচনা, সহানুভূতি নেদেখোৱাক সকলোবোৰ ফুটুকাৰ ফেন ৷
মোৰ এই কাহিনীত উল্লেখ কৰা ঘটনাৱলী সম্পূৰ্ণ সত্য ৷ ইয়াত কোনো কল্পনাৰ ৰহন নাই; সম্পূৰ্ণ সত্য ঘটনাহে বিবৃত কৰা হৈছে ৷ মই নিজেই প্ৰত্যক্ষ কৰা আৰু মাজে মাজে দেউতাৰ মুখেৰে শুনা হাতী মানুহৰ সংঘাতৰ কাহিনী প্ৰকাশ কৰিছো ৷
ঘটনাৰ পটভূমি শোণিতপুৰ জিলাৰ চাৰি দুৱাৰ ৰাজহ চক্ৰৰ অন্তৰ্গত ও পশ্চিম শোণিতপুৰ বন সংমণ্ডল, তেজপুৰ কাৰ্য্যালয়ৰ অধীনৰ "মাধ্যম বনাঞ্চলিক কাৰ্য্যালয় আমাৰবাৰী" ৷ সৰ্ব্ব সাধাৰণ ৰাইজে উক্ত বনাঞ্চলিক কাৰ্য্যালয়তো হাতী খেদা ৰেঞ্জ অফিচ বুলি জানে ৷ উক্ত কাৰ্য্যালয়ৰ চৰকাৰী বিভাগীয় গাড়ীখন আৰু গাড়ীত বহি যোৱা চৰকাৰী যি পৰ্য্যায়ৰ কৰ্মীয়েই হওঁক লাগিলে ডি• এফ• অ অথবা উচ্চ পৰ্য্যায়ৰ বিষয়া সেই অঞ্চলৰ প্ৰায় ৫০ কিঃমি ব্যাসাৰ্দ্ধত পেণ্ডুকনাটোৰ পৰা আৰম্ভ কৰি বয়সস্থ লোকলৈকে "হাতী খেদা ফৰেষ্টাৰ বিলাক" বুলি বন বিভাগৰ লোকৰ সুকীয়া পৰিচয় আছে ৷ এই ক্ষেত্ৰত মোৰ শ্ৰদ্ধাৰ দেউতাও ব্যতিক্ৰম নহয় ৷

গতিকে, দেউতাৰ মুখেৰে শুনা কিছু কিছু ঘটনাৱলী প্ৰকাশ কৰাত কুণ্ঠাবোধ নকৰি শ্ৰদ্ধাৰ ৰাইজক জনাও যে, উক্ত এলেকাত এটা প্ৰকাণ্ড বনৰীয়া দঁতাল হাতী যোৱা ৪ বছৰ ধৰি একছাত্ৰী হিচাপে সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ উক্ত এলেকাৰ বিশেষকৈ চাহ বাগিচা অধ্যুষিত এলেকা ফুলবাৰী, আদাবাৰী, হাৰচূড়া, চেঁচা, নাহৰণী, হাতীবাৰী, বৰজুলী, তাৰাজুলী আদি বাগানৰ লোকসকল প্ৰতিটো নিশাই এক আতংকময় পৰিস্থিতিত জীৱন অতিবাহিত কৰি থকা দেখা যায় ৷ নিশাৰ ভাগত প্ৰতিটো পৰিয়ালে বিশেষকৈ মহিলা আৰু কণ কণ ল'ৰা ছোৱালীবোৰে উক্ত দঁতাল হাতীটোৰ পৰা নিশাটো একো অঘটন নহ'বৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰাটো বৰ্তমান নৈতিক ঘটনা ৷ এই ক্ষেত্ৰত মোৰ দেউতাও পিচ পৰি থকা নাই ৷ সন্ধ্যাৰ লগে লগে, সহকৰ্মী বৃন্দৰ লগত হাতী খেদিবলৈ যোৱাৰ আগমুহূৰ্তত দেউতাই নিজৰ চৰকাৰী বাসগৃহত সৰুকৈ স্থাপন কৰা "গোঁসাই থাপনা" ত চাকি- বন্তি লৈ ঘোষা- পদ কেইবাবাৰো আওৰা মই নিজেই দেউতাৰ তাত থাকোতে প্ৰত্যক্ষ কৰিছো ৷ তাৰ ক্ষন্তেক পাছৰো পৰা আৰম্ভ হৈ যায় হাতী মানুহৰ সংঘাট ৷
এই যাত্ৰাত দেউতাৰ সহকৰ্মীবৃন্দ যথাক্ৰমে প্ৰবীন বৰা, ৰাভা, দাস, প্ৰমুখ্যে আৰু দুই তিনিজন সংগী আৰু এই ঘটনাৰ মূল নায়ক প্ৰকাণ্ড দঁতাল বনৰীয়া হাতী ওৰফে "লাডেন" ৷
স্থানীয় ৰাইজ, চাহ বাগিচাৰ লোক, চৰকাৰী বিভাগ, Assam valley school ৰ কৰ্তৃপক্ষ আৰু উক্ত এলেকাত থকা ভাৰতীয় সেনা বাহিনীৰ সমূহ কৰ্তৃপক্ষই হাতীটোক এই "লাডেন" নামেৰে চিনি পায় ৷ তাৰ স্বভাৱ- চৰিত্ৰ আৰু খাদ্যৰ তালিকা সকলোৰে পৰিচিত ৷ সেয়েহে এই কাহিনীটোত চমুকৈ হ'লেও "লাডেন"ৰ বিষয়ে দু- আষাৰ লিখি সমাজক পৰিচিত কৰিবলৈ লৈছো ৷
প্ৰথমে 'লাডেন' সদায় পৰিষ্কাৰকৈ থাকে ৷ লাডেন অহা যোৱা কৰা পথটো হাবিতলীয়া হ'ব নেলাগিব, জংঘলৰ মাজে মাজে নহ'ব সেয়েহে 'লাডেন' চৰকাৰী পথকে প্ৰাধান্য দি গাৱঁত সোমালে চৰকাৰী পথ, বাগানত সোমালে বাগানৰ মেনেজাৰৰ গাড়ী চলা পথকেই বৰ্তমানৰ লৈকে ব্যৱহাৰ কৰি আহিছে ৷
দ্বিতীয়তে, 'লাডেন'ৰ ৰাতিপুৱাৰ খাদ্যৰ আৰম্ভণি চাহ বাগিচাত পাততোলা মহিলা সকলে লগত অনা 'টিফিন' সমূহ ৷ উক্ত টিফিন সমূহ মহিলা লোকসকলে ২০- ৩০ টাকৈ একেলগে গোটাই গছে প্ৰতি ওলোমাই থৈ বাগানৰ পাত তোলা কামত ব্যস্ত হয় ৷ টিফিন বাতি সমূহত ব্ৰয়লাৰ মাংস পৰা আদি কৰি ভাত, ৰুটি আৰু অন্যান্য বিভিন্ন ব্যঞ্জন বিধে বিধে মহিলা সকলে তেওঁলোকৰ খাদ্যৰ বাবে আনে যদিও যিদিনা যিখন বাগানত 'লাডেন' থাকে সেইদিনা সেই চেকছনটোৰ মহিলাসকলৰ পেটত গামোচা বন্ধাৰ বাহিৰে আন একো উপায় নাই ৷ লাডেনে তাৰ পৰিচিত চিঞৰ মাৰি গছৰ পৰা টিফিনৰ মোনা সমূহ নমাই টিফিনটোৰ ওলিয়াই ভৰিৰ নখেৰে ফটকে খুলি টিফিনসহ মুখৰ ভিতৰত প্ৰৱেশ কৰে ৷ এই ক্ষেত্ৰত 'লাডেনে' ব্ৰয়লাৰ মাংসৰ জুটি বাৰুকৈয়ে লয় ৷
তাৰ পাছত বাগান কৰ্তৃপক্ষই দেউতাৰ ফোনত ফোন কৰে- 'গোস্বামী বাবু সোনকালে আহক লাডেন ওলাইছে ৷' বাগানত কাম কৰা মহিলা সকলৰ টিফিন খাই বাগানৰ মানুহবোৰক খেদি ফুৰিছে ইত্যাদি ৷
লগে লগে দেউতাহঁতৰ দিনটোৰৰ তালিকাৰ পাতনি...... ৷ কমল ড্ৰাইভাৰে বিভাগীয় বলেৰ' গাড়ীখনত দেউতা আৰু বনকৰ্মী কেইজনমান লৈ হাতী মানুহৰ সংঘাতৰ অভিমুখে যাত্ৰা কৰে ৷ কমল ড্ৰাইভাৰে 'লাডেন'ক ভয় কৰে, গাড়ী চলাওতে আগলৈ চোৱাৰ সলনি সোঁৱে- বাওঁৱেহে বেছিকৈ চাই যায় ৷ দেউতা আৰু দেউতাৰ সহকৰ্মী বড়াই মানে তেওঁক দাবী ধমকি দি যায় মানে লাডেনক পায়গৈ ৷ লাডেনে দূৰতে বিভাগীয় বগা বলেৰ' দেখা পায় ৷ যদিহে তাৰ মনটো সেইদিনা ভাল থাকে তেন্তে সি লাহে লাহে তাৰ পৰা আঁতৰি যায় ৷ বৰাদেৱে শূন্যতে তিনি চাৰি জাই গুলি ফুটাই দেউতা আৰু সহকৰ্মী বৃন্দক কয় কাণ ফুটা কৰি দিলো ৷ 'লাডেন' আৰু নাহে, মই জানো নহয় সি এতিয়া ক'ত যাব ৷ ৰাভাদেৱে কিন্তু একো নকয় মাত্ৰ বৰাদেৱৰ কথাবোৰ শুনি যায় ৷ ৰাভাদেৱে গুলি ফুটালেও চাৰিও দিশ চাই তেওঁৰ সহকৰ্মীখিনিক নিৰাপত্তা দিহে গুলী ফুটাই ৷ বৰাদেৱ তেখেতৰ সম্পূৰ্ণ বিপৰীত ৷ হাতীটোক দেখা পালেই গাড়ীৰ পৰা নামি অকলে অকলে হাতীৰ কাষলৈ গৈ চিধাই চাৰি- পাঁচ জাই গুলী ফুটাই দিয়ে ৷ উক্ত গুলী লাগিলে গছৰ ওপৰেৰে পাৰ হওঁক অথবা বতাহত গুলী আন বেলেগ স্থানলৈ যাওঁক বৰাদেৱৰ মতে উক্ত গুলী হাতীটোৰ শৰীৰত লাগিছে, কানফুটি গৈছে, পিঠি টেমুনা টেমুন হৈছে বুলি এক আকোৰগোজ ৷ এই ক্ষেত্ৰত দেউতাও আগবাঢ়ি যায় যদিও বৰা খুৰাই তেওঁক গাড়ীত বহি থাকিব কয় ৷ উক্ত সময়ত দেউতাই পৰিস্থিতি অধ্যায়ন আৰু হাতী খেদাত সমবেত হোৱা লোকৰ পৰিস্থিতি চম্ভালে ৷ ৰাভা খুড়া সাহসী, কিন্তু অনাহকত গুলী নুফুটাই, পৰিস্থিতি চায় সময় সাপেক্ষে নিৰ্ণায়ক ভূমিকা লয় ৷ দেউতাৰ সহকৰ্মী দাস, শৰ্মা আৰু বাকী গাড়ীত থকাসকলে ফটকা- ফুটুৱা, লাইট মৰা কেইজনমান মানে নীৰৱে নিঃশব্দে বৰা খুৰা আৰু ৰাভা খুৰাৰ লগত সমানে যুদ্ধত আগবাঢ়ি যায় ৷
সেই দিনটোৰ দিনৰ তালিকাৰ কাৰ্য্যসূচী সিমানতে শেষ কৰি ৰঙাপাৰাৰ ৰেলষ্টেছনৰ চাহ দোকানত অথবা খেলমাটি বজাৰৰ চাহ দোকানত চাহ মিঠাই খায় সকলোৱে অলপ বিশ্ৰাম কৰে আৰু তাতেই হাতী মানুহৰ সংঘাটৰ সামৰণি পৰে ৷

ঠিকনাঃ কাজিৰঙা